#বকোৰ পৰা বিষ্ণু ৰাম দাস:
সদ্যসমাপ্ত অসম বিধানসভাৰ নিৰ্বাচনৰ ২ মে'ৰ ভোট গণণাৰ অন্তত কামৰূপ জিলাৰ ৪৮ নং বকো বিধানসভা সমষ্টিত পুনৰ জয়ী হ'ল কংগ্ৰেছ দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী নন্দিতা দাস।প্ৰাপ্ত তথ্য অনুসৰি কংগ্ৰেছ দলৰ প্ৰাৰ্থী নন্দিতা দাসে ১২০৫০৪ টা ভোট লাভ কৰাৰ বিপৰীতে অসম গণ পৰিষদৰ প্ৰাৰ্থী জ্যোতিপ্ৰসাদ দাসে ভোট লাভ কৰে ৬৭৯৮৫টা।আন এগৰাকী প্ৰাৰ্থী তৃণমূল কংগ্ৰেছৰ গোপীনাথ দাসে ভোট লাভ কৰে ১২৭৫৫টা। কংগ্ৰেছ বিধায়িকা নন্দিতা দাসৰ এই সাফল্যত বকো সমষ্টিবাসী কংগ্ৰেছ দলৰ কৰ্মীসকল বাৰুকৈয়ে উৎফুল্লিত হৈ পৰিছে।
উল্লেখ্য যে মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী অগপৰ জ্যোতিপ্ৰসাদ দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই ফুৰিছিল ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ তত্বাৱধানত ভিন্ন জাতি-জনগোষ্ঠীৰ নেতৃবৃন্দই। তৎস্বতেও নন্দিতা দাসে লাভ কৰা ভোটৰ সংখ্যাতকৈ আধাসংখ্যক ভোট লাভ কৰে জ্যোতিপ্ৰসাদ দাসে।এইবাৰো কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থীগৰাকী জয়ী হোৱাত বকোৰ ৰাজীৱ ভৱনত ২ মে'ৰ পৰাই দলীয় কৰ্মীসকলে আনন্দ-উৎসৱ পালন কৰে।
- Log in to post comments
- 24 views