হাজোত লৌহ মানৱ বিষ্ণুৰাম মেধি,মহেন্দ্ৰ মোহন চৌধুৰীৰ পিছতে ইতিহাস গঢ়িলে সুমন হৰিপ্ৰিয়াই 

Suman Haripriya

#বিশেষ প্ৰতিবেদক, হাজো,২ মে' :

অসম বিধানসভা নিৰ্বাচনৰ আজি ঘোষিত ফলাফল অনুসৰি গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত ৫৫ নং হাজো বিধানসভা সমষ্টিত বিজেপি মিত্ৰদলৰ প্ৰাৰ্থী সুমন হৰিপ্ৰিয়াই পুনৰ নিৰ্বাচিত হৈ একেৰাহে দ্বিতীয়বাৰৰ বাবে বিধায়িকা হোৱাৰ গৌৰৱ অৰ্জন কৰিছে। লৌহ মানৱ বিষ্ণুৰাম মেধি আৰু মহেন্দ্ৰ মোহন চৌধুৰীৰ পিছৰে পৰা ২০১৬ বৰ্ষৰ বিধানসভা নিৰ্বাচনলৈ কোনো এগৰাকী দলীয় অথবা নিৰ্দলীয় প্ৰাৰ্থীয়ে একেৰাহে দ্বিতীয়টো কাৰ্য্যকালৰ বাবে বিজয় ধব্জা উৰুৱাব পৰা নাছিল।কিন্তু আজি ঘোষিত বিধানসভা নিৰ্বাচনত বিজেপি মিত্ৰদলৰ প্ৰাৰ্থী সুমন হৰিপ্ৰিয়াই বিজয় নিশ্চিত কৰি দীৰ্ঘদিনীয়া ধাৰণা ভংগ কৰি ইতিহাস গঢ়া পৰিলক্ষিত হৈছে।

উল্লেখ্য যে লৌহ মানৱ বিষ্ণুৰাম মেধি আৰু মহেন্দ্ৰ মোহন চৌধুৰীৰ পিছত ১৯৭৮ চনত জেএনপিৰ ৰবীন্দ্ৰ নাথ মালাকাৰে ১৫,২৭৯ টা ,১৯৮৩ চনত আই এন চিৰ বৰকট উল্লাহে ৬৬৩৪ টা,১৯৮৫ চনত এজিপিৰ কামাখ্যা চৰণ চৌধুৰীয়ে ৪৭,৬৬০ টা,১৯৯১ চনত এনএজিপিৰ বদন বৰুৱাই ১৪,০২৫ টা,১৯৯৬ চনত এজিপিৰ নুৰুল হুছেইনে ৪৫,৩০৬টা,২০০১ চনত আইএনচিৰ হৰেন দাসে ৪০,৭২৬ টা,২০০৬ চনত এজিপিৰ নুৰুল হুছেইনে ৩৮,৯১৭ টা, ২০১৬ চনত বিজেপিৰ সুমন হৰিপ্ৰিয়াই ৫৫,০৯৬ টা ভোট লাভ কৰিছিল। ১৯৯৬ আৰু ২০০৬ চনৰ বিধানসভা নিৰ্বাচনত সমষ্টিটো অগপ দলৰ দখলত,২০০১ চনত কংগ্ৰেছৰ দখলত,২০১১ চনত তৃণমূল কংগ্ৰেছৰ দখলত আৰু ২০১৬ চনত বিজেপিৰ দখললৈ গৈছিল। ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ সুমন হৰিপ্ৰিয়াই ৫৫,০৯৬ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ দুলু আহমেদে ৪৬,১৮৮ টা ভোট লাভ কৰি ৮,৯০৮ টা ভোটৰ ব্যৱধানত পৰাজিত হৈছিল। কিন্তু লক্ষণীয়ভাৱে দুলু আহমেদে কিছু মাহ পূৰ্বে কংগ্ৰেছ দল ত্যাগ কৰি নৱগঠিত অসম জাতীয় পৰিষদত যোগদান কৰি বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল।

ইফালে, কংগ্ৰেছ দলৰ পৰা আনোৱাৰ হুছেইন (গণেশ)সহ সাত গৰাকীকৈ প্ৰাৰ্থীয়ে সমষ্টিটোত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল যদিও অৱশেষত বিজেপি মিত্ৰজোঁঁটৰ প্ৰাৰ্থী সুমন হৰিপ্ৰিয়াই ৬৬,৭৩৬ টা ভোট লাভ কৰি নিকটতম প্ৰাৰ্থী অসম জাতীয় পৰিষদৰ দুলু আহমেদক ১৭,৮৮৬টা ভোটৰ ব্যৱধানত পৰাজিত কৰি বিজয় ধব্জা উৰুৱায়। অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী দুলু আহমেদে ৪৮,৮৫০টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থী আনোৱাৰ হুছেইনে(গণেশ) ২৮,৬০৩টা ভোট লাভ কৰিবলৈ সমৰ্থ হৈছে বুলি জানিব পৰা গৈছে।

Your Comments