পৰিবহন নিগমৰ কৰ্মচাৰী সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক খুৰচিদ আলমৰ বিয়োগত দল-সংগঠনৰ শোক প্ৰকাশ

Pic

#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

অসম আন্দোলনৰ  সক্ৰিয় কৰ্মী,প্ৰাক্তন আছু নেতা,অসম ৰাজ্যিক পৰিবহন নিগম কৰ্মচাৰী সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক খুৰচিদ আলমৰ যোৱা ৩০ এপ্ৰিলত ৮.৩০  বজাত হঠাৎ উচ্চ ৰক্তচাপজনিত কাৰণত ঘগ্ৰাপাৰৰ বালিপাৰা সোণকুৰহিয়াৰ নিজ বাসভৱনত মৃত্যু হয় । নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ নিৱাসী  প্ৰয়াত আলমৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে তেওৰ বাসগৃহত অসংখ্য গুণমুগ্ধই ভিৰ কৰে । বালিপাৰা গাঁঁৱৰ প্ৰয়াত জহুৰ আলীৰ পুত্ৰ খুৰচিদ আলম সৰুৰে পৰা জাতীয়তাবাদী চেতনা আৰু সমাজহিতৈষী আছিল । সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত হোৱা ছবছৰীয়া অসম আন্দোলনৰ সময়ত প্ৰয়াত আলম পুলিচৰ বৰ্বৰ আক্ৰমণৰ বলি হোৱাৰ লগতে কাৰাৰুদ্ধও হৈছিল। পৰৱৰ্তী সময়ত প্ৰয়াত খুৰচিদ আলমে গুৱাহাটীলৈ অসম ৰাজ্যিক পৰিবহন নিগমত কৰ্মচাৰী হিচাপে নিযুক্ত হৈ পৰৱৰ্তী সময়ত ২০০০ ইং চনৰ পৰা ২০১৬ চনলৈ অসম ৰাজ্যিক পৰিবহন কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদকৰ পদ অলংকৃতি কৰে। তেওঁ ৰাষ্ট্ৰীয় মজদুৰ সন্থাৰো সম্পাদক  আছিল । উল্লেখনীয় যে প্ৰয়াত আলমৰ নেতৃত্বৰ লগতে তদানীন্তন পৰিৱনহন মন্ত্ৰী অঞ্জন দত্ত, চন্দন ব্ৰহ্ম আদিৰ সৈতে আলোচনা কৰি  অসম ৰাজ্যিক পৰিবহন নিগমক এক শক্তিশালীৰূপত গঢ় দিছিল । নলবাৰী জিলাৰ লগতে অসমৰ হাজাৰ হাজাৰ শিক্ষিত নিবনুৱাক জীৱিকাৰ পথ দেখুৱাবলৈ সক্ষম হোৱা প্ৰয়াত আলম আছিল নিজ গাওঁখনৰ লগতে গৰীৱ জনসাধাৰণৰ অন্নদাতা । নলবাৰী জিলাৰ এনে এক সামাজিক-সাংস্কৃতিক তথা ধৰ্মীয়  অনুষ্ঠান নাছিল য'ত খুৰচিদ আলমে সহায় সহযোগিতা আগবঢ়োৱা নাছিল । উল্লেখ্য যে জাতীয়তাবাদী শ্ৰমিক নেতাগৰাকীয়ে বিগত ২০১৬ চনৰ বিধান সভাৰ সাধাৰণ নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অৱৰ্তীৰ্ণ হৈছিল । প্ৰয়াত আলমে সামাজিক সাংস্কৃতিক আৰু শৈক্ষিক দায়বদ্ধতাৰ পৰিচয় দাঙি ধৰি নিজ গাওঁতে অৰ্থাৎ সোণকুৰহিয়া চকত ২০২০ বৰ্ষত "এক্সেল পাব্লিক একাডেমী" নামৰ এক শৈক্ষিক প্ৰতিষ্ঠান গঢ় দিছিল । শ্ৰমিক নেতাগৰাকীৰ মৃত্যত তেওৰ জন্ম গাওঁত ৰাজ্যিক পৰিবহন নিগমৰ বিষয়া কৰ্মচাৰীৰ লগতে ৰাজ্যিক পৰিবহন কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক দ্বিজেন লহকৰ সহ আন আন বিষয়ববীয়াসকল উপস্হিত হয় । সাধাৰণ সম্পাদক লহকৰে কয় যে খুৰচিদ আলম এগৰাকী সুদক্ষ শ্ৰমিক নেতা আছিল । পৰিবহন নিগমক এক গতিশীল ৰূপ দিয়াৰ বাবে আলমে সন্থাত জঢ়িত হৈ দেহে কেহে খাতিছিল । লগতে লহকৰে অলমৰ অবিবাহিত কন্যাগৰাকীক এমাহৰ ভিতৰত পৰিবহন নিগমত নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে । সাধাৰণ সম্পাদক লহকৰ ৰ লগতে  পৰিবহন সন্থাৰ উপ সভাপতি  চুলেমান আলী বেপাৰী,সম্পাদক অমৰজিৎ বৰঠাকুৰ, কনক ভৰালী, কোষাধ্যক্ষ কৈলাশ তালুকদাৰে প্ৰয়াত আলমৰ নশ্বৰ দেহত পুস্পাঞ্জলী দিয়ে ।  পৰিবহণ নিগমৰ ৰূপনগৰ শাখাৰ সভাপতি ব্ৰজেন গোস্বামী,উপ-সভাপতি খয়বৰ আলী , সম্পাদক দাস গংগা কুমাৰকে ধৰি আন আন কৰ্মীসকলেও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । আনহাতে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ৰিয়াজউদ্দিন আহমেদে প্ৰয়াত আলমৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে । ছাত্ৰ নেতাগৰাকীয়ে প্ৰক্তন ছাত্ৰ নেতা আলমৰ মৃত্যু নলবাৰী জিলাৰ লগতে বৃহত্তৰ ঘগ্ৰাপাৰ-আল্লিয়া অঞ্চলৰ অপুৰণীয় ক্ষতি বুলি কোৱাৰ  লগতে অঞ্চলবাসীয়ে প্ৰকৃতাৰ্থত এজন সচা অভিভাবক হেৰুৱালে বুলি মত পোষণ কৰে । তেওঁৰ মৃত্যুত নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুনজ্যোতি পাঠক ,সাধাৰণ সম্পাদক অক্ষয় ডেকা, উপ সভাপতি কল্প ৰাজবংশী,ক্ৰীড়া সম্পাদক কংকন কলিতা  নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মা , সহকাৰী সম্পাদক তথা সাংবাদিক শ্বাহ আলম আহমেদ , অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ সভাপতি পাৰ্থপ্ৰতীম শৰ্মা , হাইস্কুল শিক্ষক সন্থা নলবাৰী জিলা সমিতিৰ সাধাৰন সম্পাদক উমেশ দাস , নলবাৰী হৰিমন্দিৰ সমিতিৰ সাধাৰণ সম্পাদক নগেন ডেকা , অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সাধাৰণ সম্পাদক প্ৰদ্যুৎ ভুঞা ,   সমাজকৰ্মী বাবুল বসুমতাৰী ,বৰাজোল আঞ্চলিক ছাত্ৰ সন্থা , আল্লিয়া আঞ্চলিক ছাত্ৰ সন্থা , অসম জাতীয় পৰিষদ কেন্দ্ৰীয় সমিতি আৰু  নলবাৰী জিলা সমিতিৰ হৈ অমল ডেকা , শৰৎ কলিতা , নলবাৰী জিলা উন্নতি সভাৰ  সাধাৰণ সম্পাদক ৰাতুল চন্দ্ৰ ডেকা , তেওঁ প্ৰতিষ্ঠা কৰা এক্সেল পাব্লিক স্কুলৰ পৰিচালনা সমিতি, বৰাজোল হাত বজাৰ পৰিচালনা সমিতি ,দুৰ্গা মন্দিৰ উন্নয়ন সমিতি , সোনকুৰিহা শ্ৰমিক সন্থা , বজাৰ পৰিচালনা সমিতিৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ নেতৃবৃন্দই প্ৰয়াত আলমক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । মৃত্যুৰ সময়ত প্ৰয়াত আলমে পত্নীসহ এজন পুত্ৰ সন্তান,দুগৰাকী কন্যা আত্মীয় স্বজন আৰু অসংখ্য গুণমুগ্ধক এৰি থৈ যায় । আবেলি ৪.৪৫ বজাত ক'ভিড প্ৰট'কল মানি  মৌলানা শ্বেখ  জিয়াউৰ ৰহমানে তেওঁৰ জনাজা সম্পন্ন কৰে ।

Your Comments