হাজোৰ জীয়াৰী,বিশিষ্ট কণ্ঠশিল্পী-অধ্যাপিকা ডঃ বিজয়লক্ষ্মী দাসৰ মৃত্যুত শোকৰ ছাঁঁ

Pic

#বিশেষ প্ৰতিবেদক,হাজো,৩০ এপ্ৰিল:

তীৰ্থনগৰী হাজোৰ গণেশটোলাৰ পৰমানন্দ দাসৰ কন্যা,বিশিষ্ট কণ্ঠশিল্পী তথা অধ্যাপিকা ডঃ বিজয়লক্ষ্মী দাসে অতিমাৰী ক'ৰ'না মহামাৰীত আক্ৰান্ত হৈ অকাল মৃত্যুক সাৱতি লোৱা ঘটনাই অঞ্চলটোত সৃষ্টি কৰিছে এক শোকাকুল পৰিৱেশৰ।মৃত্যুৰ সময়ত বিশিষ্ট কণ্ঠশিল্পী দাসৰ বয়স হৈছিল ৫৮ বছৰ।

এসময়ৰ ভ্ৰাম্যমাণ নাট্যদল ৰাজশ্ৰী থিয়েটাৰ আৰু অসমীয়া বোলছবি 'সৰু বোৱাৰী'ৰ  খ্যাতনামা সংগীত পৰিচালক,পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ অধ্যাপিকা ডঃ দাসৰ মৃত্যুত হাজোৰ সহশিল্পী গণেশ দাস,লাহৰীমোহন দত্ত,অশ্বিনী ঠাকুৰীয়া,তৰণী কলিতা,ভাস্কৰ বৰুৱাৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে।বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ উপৰি পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে‌। মৃত্যুৰ সময়ত ডঃ দাসে স্বামীসহ দুই কন্যাক সংসাৰত এৰি যায়।
 

Your Comments