দক্ষিণ হাজোত ধুমুহা-শিলাবৃষ্টিত বিস্তৰ ক্ষতিসাধন

Pic

#বিশেষ প্ৰতিবেদক,হাজো,২৮ এপ্ৰিলঃ

কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত দক্ষিণ হাজোৰ কেইবাখনো গাঁঁৱত যোৱা নিশা প্ৰায় ডেৰ বজাত পশ্চিম দিশৰ পৰা অহা ধুমুহা- শিলাবৃষ্টিয়ে বিস্তৰ ক্ষতি সাধন কৰে।জানিব পৰা মতে,যোৱা নিশা প্ৰায় ডেৰ বজাত পশ্চিম দিশৰ পৰা অহা এজাক ধুমুহা-শিলাবৃষ্টিয়ে দক্ষিণ হাজোৰ শিলগুৰি,ঢুলীয়াপাৰা,টাঙোনমাৰী,বিষ্ণুপুৰ,বামুন্দী,হীৰাপাৰা,ৰামদিয়া,হাঁঁহদিয়া,দামপুৰ,হালোগাঁঁও আদি কেইবাখনো গাঁঁৱৰ বহু পৰিয়ালৰ ঘৰৰ টিনপাত,বিয়া-সবাহৰ পেণ্ডেল  উৰুৱাই নিয়াত আলাই-আথানিৰ লগতে বহু পৰিয়ালে নিশাটো উজাগৰে পাৰ কৰিব লগীয়া হয়।

Pic

তদুপৰি,শিলগুৰিত পথৰ ওপৰত  প্ৰকাণ্ড গছ উভালি পৰাৰ লগতে হাতীমূৰা পাহাৰৰ পৰা বৰষুণৰ পানীয়ে উটুৱাই অনা পাহাৰৰ ৰঙা মাটিৰ বাবে পথ যোগাযোগ ব্যাহত হৈ পৰে।কেইবা ঠাইত বিদ্যুতৰ পোষ্ট চিঙি যোৱাত বিদ্যুৎ সেৱা বন্ধ হৈ পৰে।

ইফালে,যোৱা নিশাৰ শিলাবৃষ্টিয়ে শস্য পথাৰৰ বিস্তৰ ক্ষতি মসাধন কৰে।বিশেষকৈ শিলগুৰি অঞ্চলৰ প্ৰায় শতাধিক কৃষকে কপালৰ ঘাম মাটিত পেলাই কৰা জিকা,তিয়ঁঁহ, জলকীয়া,আৰু তৰমুজৰ খেতি তচনচ কৰি পেলায়।ফল লগাৰ সময়তে এনেদৰে শিলাবৃষ্টিয়ে ধ্বংস কৰাত মূৰে-কপালে হাত দিছে কৃষকসকলে।

Your Comments