ক'ৰ'না আতংকৰ মাজতে বকোৰ বজাৰত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ অত্যধিক মূল্যবৃদ্ধি:নিৰ্লিপ্ত ভূমিকা প্ৰশাসনৰ

Pic

#বকোৰ পৰা বিষ্ণুৰাম দাস:

ৰাজ্যবাসীৰ বাবে অভিশাপ স্বৰূপ হৈ পৰিছে মহামাৰী ক'ৰ'না।চৌদিশে ক'ৰ'না আতংকত জনগণে ত্ৰাহি মধুসূধন সুঁৱৰিছে।ইফালে, চৰকাৰী নীতি-নিৰ্দেশনা অনুসৰি কোভিড প্ৰট'কল মানি চলিব লগা হৈছে।সামাজিক দূৰত্ব বজাই ৰখাৰ স্বাৰ্থত বজাৰ-সমাৰত জনতাৰ উপস্থিতি সেৰেঙা হৈছে।এই ক্ষেত্ৰত দিন হাজিৰা কৰা লোকসকলৰ অৱস্থা শোচনীয় হৈ পৰিছে।দিন মজুৰি নাই,অথচ বজাৰ-সমাৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ জুই ছাই দাম। উল্লেখ্য যে মিঠাতেল,দাইল,বুট,চেনী, চাহপাত,আটা,ময়দাৰ লগতে অন্যান্য সামগ্ৰীৰ চ'ৰা দামে মাধমাৰ সোধাইছে সৰ্বসাধাৰণক।তৎস্বতেও কাণষাৰ নাই প্ৰশাসনৰ।চৰকাৰী নীতি-নিৰ্দেশনা অনুসৰি জনতা চলিছে।কিন্তু জনতাৰ পক্ষত নাই চৰকাৰী প্ৰশাসন।এই ক্ষেত্ৰত কামৰূপ জিলাৰ বকোত একাংশ সমাজ সচেতন ৰাইজে এই প্ৰতিবেদকক জনায় যে ৰাজ্যৰ যোগান আৰু অসামৰিক বিভাগ এটা যে আছে,ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰে এগৰাকী মন্ত্ৰী যে পাতিছে,সেই কথা ভাবিলেই দুখ লাগে। এফালে ক'ৰ'না আতংক,আবেলি ছয় বজাতে দোকান-বজাৰ বন্ধ। এই সুযোগ গ্ৰহণ কৰিছে ব্যৱসায়ী তথা বাণিজ্যিক প্ৰতিষ্ঠানে। 

উল্লেখ্য যে লকডাউন নহওঁতেই যাত্ৰীবাহী গাড়ীয়ে যাত্ৰীৰ পৰা আদায় লৈছে দুগুণ ভাড়া।এই বিষয়ত নিমাতী কইনা হৈছে চৰকাৰী প্ৰশাসন।এই  সন্দৰ্ভত অতি শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে বকোৰ সমাজ সচেতন ৰাইজে।

  

Your Comments