:চকু মুদা কুলি বন বিভাগ,জলসম্পদ বিভাগ:
শিৱসাগৰৰ নদীৰ বুকুত চলিছে ভয়াবহ খনন । দিখৌ নৈৰ বুকুত ভূ-মাফিয়াৰ তাণ্ডৱ চলিছে । শিৱসাগৰত আকৌ আৰম্ভ ভূ-মাফিয়াৰ লুণ্ঠনৰাজ । জেচিবি,ডাম্পাৰেৰে নদীৰ বুকুৰ পৰা অবৈধভাৱে খান্দি নিছে মাটি । শুই থকা বন বিভাগ আৰু জলসম্পদ বিভাগে নাজানে কিদৰে খান্দিছে এই মাটি। ক'ত কেনেকৈ মথাউৰিৰ কাষত সুৰংগ খান্দি চলিছে মাফিয়াৰাজ।শিৱসাগৰত এতিয়া ভূ-মাফিয়াৰ দপদপনি। ভূ-মাফিয়াৰ কবলত সাৰি যোৱা নাই বৰ্তমান নদীৰ গড়াও। হয়, অসমৰ এখন অন্যতম নদী দিখৌ। যিখন নদী শিৱসাগৰৰ প্ৰাণ সেই নদীতে এতিয়া ভূ-মাফিয়াৰ পৰিছে হাতোৰা। যি সময়ত নদীৰ গড়াখহনীয়া ৰোধ কৰাৰ আঁচনি হাতত লৈছে চৰকাৰে সেই একে সময়তে দিখৌৰ গড়া খন্দাত ব্যস্ত হৈ পৰিছে ভূ-মাফিয়া। শিৱসাগৰ কোঁৱৰপুৰৰ গেমন দলঙৰ সমীপত জেচিবিৰ হাতোৰা পৰিছে দিখৌৰ বুকুত। দৈনিক গড়াৰ খনন কৰি এইদৰে এচামে ধন ঘটাৰ আহিলা হিচাপে ব্যৱহাৰ কৰিছে এতিয়া দিখৌ নদীক। বৰ্তমানেও দৃষ্টিগোচৰ হোৱা নাই শিৱসাগৰৰ বন আৰু জলসম্পদ বিভাগৰ।
কিছু দিনৰ পাছত বাৰিষা আহিব । বাৰিষা কালত পানীৰে পূৰ্ণ হ'ব নদীৰ গড়া। যদিহে এই দৰে নদীৰ গড়া খান্দি গৈ থাকে,তেন্তে কি ভৱিষ্যতৰ দিশে গতি কৰিছে নৈপৰীয়া ৰাইজ?নিশ্চয় অন্ধকাৰ ভৱিষ্যতৰ দিশে গতি কৰিব লাগিব বিশেষকৈ কোঁৱৰপুৰীয়া ৰাইজে।
বন বিভাগক এনে অবৈধ খনন চলি থকাৰ অভিযোগ দিয়াৰ কৰাৰ পিছতো বিভাগটোৰ বিষয়া-কৰ্মচাৰীয়ে এনে চক্ৰৰ বিৰুদ্ধে কোনো বিহিত ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।
উল্লেখ্য যে প্ৰতিবছৰে বাৰিষাৰ সময়ছোৱাত দিখৌ নদীৰ প্ৰৱল বানে জনসাধাৰণক আতংকিত কৰি আহিছে। নিয়ম অনুসৰি নদীৰ পৰা ১০০ মিটাৰ দূৰত্বত কোনোধৰণৰ খনন কাৰ্য চলাব নোৱাৰে। তেনেস্থলত কিদৰে বন বিভাগ আৰু জলসম্পদ বিভাগক মেনেজ কৰি নদীৰ নিচেই বুকুত এনে খনন চলাবলৈ সক্ষম হৈছে,সেয়া এতিয়া ৰহস্যৰ বিষয়।
- Log in to post comments
- 26 views