#বিশেষ প্ৰতিবেদক,হাজো:
অসমৰ বিভিন্ন ঠাইত আৰক্ষী বুলি নিজৰ পৰিচয় জাহিৰ কৰি চুৰি-ডকাইতিৰ ঘটনাৰ সৈতে জড়িত থকা মষ্ট ৱান্টেড তথা ভুৱা আৰক্ষী বিষয়া ছফিকুল ইছ্লাম অৱশেষত হাজো আৰক্ষীৰ হাতত আটকাধীন। আৰক্ষী সূত্ৰে জানিব পৰা মতে, হাজো আৰক্ষীয়ে মষ্ট ৱান্টেড, ভুুৱা আৰক্ষী বিষয়া ছফিকুল ইছলামক আটক কৰাৰ বাবে অনুসন্ধান চলাই আছিল। সেই মৰ্মে আয়ুব আলী নামৰ লোক এজনৰ পৰা যোৱা তিনি এপ্ৰিলত মষ্ট ৱান্টেড ইছলামৰ বিৰুদ্ধে বাইক এখন লৈ উধাও হোৱাৰ অভিযোগ লাভ কৰিবলৈ সক্ষম হয় আৰক্ষী। উক্ত অভিযোগৰ ভিত্তিতে হাজো আৰক্ষীয়ে সিদিনাৰ পৰা গোপন অনুসন্ধান চলাই বাক্সা জিলাৰ কুমৰীকাটাত ২৫ এপ্ৰিলৰ নিশা মষ্ট ৱান্টেড তথা ভুৱা আৰক্ষী বিষয়া ইছলামক গেপ্তাৰ কৰিবলৈ সক্ষম হয়। ইতিমধ্যে চাংচাৰি,বাইহাটা ৰঙিয়াৰ লগতে অসমৰ বিভিন্ন ঠাইত আৰক্ষী বিষয়াৰ পোছাক পিন্ধি চাকৰিৰ প্ৰলোভনেৰে ধন সংগ্ৰহ,চুৰি- ডকাইতি কাণ্ডৰ সৈতে জড়িত থকাৰ লগতে বিভিন্ন অপৰাধমূলকঘটনাৰ লগত জড়িত ধৃত ছফিকুল ইছ্লাম। ধৃত ছফিকুলৰ ঘৰ হৈছে নলবাৰী জিলাৰ ভাঙোনমাৰী চৰত।
- Log in to post comments
- 33 views