ঘগ্ৰাপাৰৰ আল্লিয়াত ভূ-মাফিয়াৰ হাতত বন বিভাগৰ ২ কৰ্মচাৰী আহত

Pic

#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,২৭ এপ্ৰিলঃ

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত আল্লিয়া-মিলন বজাৰত আজি দুপৰীয়া একাংশ ভূ-মাফিয়াৰ হাতত নলবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ দুগৰাকী কৰ্মচাৰীক গুৰুতৰভাৱে আহত হোৱাৰ লগতে এখন বাহনৰ বিস্তৰ ক্ষতিসাধন হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে আল্লিয়া-মিলন বজাৰত নোনা নৈৰ  মথাউৰিৰ মেৰামতি কাম ঠিকাদাৰে কৰি থকাৰ সময়তে একাংশ ভূ-মাফিয়াই নৈৰ বক্ষৰ পৰা অবৈভাৱে ট্ৰক্টৰৰে মাটি কঢ়িয়াই থকা খবৰ নলবাৰী বনাঞ্চলিক কাৰ্যালয়ে গোপন সূত্ৰে লাভ কৰে।লগে লগে বন বিভাগৰ এটি সাতজনীয়া দলে উক্ত স্থানত উপস্থিত হয় আৰু অবৈধ খননত জড়িত ট্ৰেক্টৰ এখন জব্দ কৰে।লগে লগে ট্ৰেক্টৰৰ চালকগৰাকীয়ে ফোন কৰি স্থানীয় একাংশ লোকক মাতি আনি বন বিভাগৰ দলটোক আক্ৰমণ কৰে।এই আক্ৰমণত বন বিভাগৰ কৰ্মচাৰী তপন শৰ্মা আৰু গাড়ী চালক পিংকু বৰ্মনক মাৰ-ধৰ কৰি গাৰ কাপোৰ পৰ্যন্ত ফালি পেলোৱাৰ লগতে তেওঁৰ বলেৰ'(As -12p 3800)গাড়ীখনৰ বিস্তৰ ক্ষতি সাধন কৰে।ইফালে আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ পূৰ্বে ভূ-মাফিয়াৰ দলটোৱে পলায়ন কৰে। ঘগ্ৰাপাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বন বিভাগৰ আঘাতপ্ৰাপ্ত দুগৰাকী কৰ্মচাৰীসহ সাতগৰাকী কৰ্মচাৰীক উদ্ধাৰ কৰি থানালৈ লৈ আহে।

Pic

ইতিমধ্যে নলবাৰীৰ বন বিভাগৰ দলটোৱে ঘগ্ৰাপাৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈ কোনো লোকক আটক কৰিব পৰা নাই। উল্লেখ‍্য যে উক্ত স্থানত নোনা নৈৰ বুকুত ইতিমধ্যে চৰকাৰী ভূমিত একাংশ লোকে প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰী খান্দি অবৈধভাৱে দখল কৰি মাছৰ ব‍্যৱসায় অব‍্যাহত  ৰাখিছে যদিও স্থানীয় প্ৰশাসনে কোনো ধৰণৰ ব‍্যৱস্থা গ্ৰহণ নকৰা বুলি অভিযোগ উঠি আহিছে।পিছে এই সমূহ বেদখলকাৰীৰ বিৰুদ্ধে নলবাৰীৰ উপায়ুক্তগৰাকীয়ে কি ব‍্যৱস্থা গ্ৰহণ কৰে,সেয়া সময়তহে ক'ব পৰা যাব।(আঘাতপ্ৰাপ্ত দুয়োগৰাকীৰ ফটো দিয়া হৈছে একেলগে।)

Your Comments