কংগ্ৰেছ নেতা পৱিত্ৰ ব্ৰহ্মৰ মৃত্যু:নলবাৰীত শোক

Pic

#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বৰভাগ নলবাৰী গাওঁ নিবাসী,কংগ্ৰেছ নেতা পৱিত্ৰ ব্ৰহ্মৰ ২৬ এপ্ৰিলৰ পুৱা নিজ বাসভৱনত মৃত্যু হয়। উল্লেখ‍্য যে তেওঁ বহুদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল।৪৭ বছৰ বয়সতে পৃথিৱীৰ মায়া এৰি গুচি যোৱা ব্ৰহ্মই মৃত্যুৰ সময়ত এগৰাকী পুত্ৰ আৰু পত্নীসহ অগণন গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায়।তেওঁঁ সদৌ অসম জাৰিকৰ সন্থাৰ প্ৰাক্তন সম্পাদক,নলবাৰী সমষ্টিৰ যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি,বড়িগোগ বনভাগ ব্লক কংগ্ৰেছৰ প্ৰাক্তন সম্পাদক হিচাবে সফলতাৰে কাম কৰিছিল। মৃত্যুৰ আগলৈ উপযুক্ত কাৰ্য্যালয়ৰ জাৰিকাৰক পদত চাকৰি কৰিছিল । তেওঁৰ মৃত্যুত বিভিন্ন দল-সংগঠনে শোক প্ৰকাশ কৰাৰ লগতে সাগৰকুছি-খাটিকুছি দুৰ্গা পূজা পৰিচালনা সমিতি, সাগৰকুচি-খাতিকুছি দুৰ্গা মন্দিৰ নিৰ্মাণ সমিতি,অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক প্ৰদ‍্যুৎ কুমাৰ ভুঞা,বড়িগোগ বনভাগ ব্লক কংগ্ৰেছৰ সভাপতি ভুৱনেশ্বৰ কলিতা,খাতিকুছি মণ্ডল কংগ্ৰেছৰ সভাপতি তথা কাউন্সিলাৰ নাৰায়ণ কুমাৰ,অসম হাইস্কুল শিক্ষক সংস্থাৰ নলবাৰী জিলাৰ সভাপতি ৰবি ডেকা, সম্পাদক উমেশ চন্দ্ৰ দাস, বনভাগ উদয়ন সংঘ, সাগৰকুচি -খাতিকুচি বজাৰ সমিতি,সাগৰকুছি -খাতিকুছি চ'ক সমিতি,পশ্চিম বনভাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়, বনভাগ বালিকা হাইস্কুল , খাতিকুছি এম ভি স্কুল , খাতিকুছি অসমী জাতীয় বিদ্যালয়, বনভাগ ঘোহকুছি স্কুল,ভিঠা বাসন্তী পূজা পৰিচালনা সমিতি, নলবাৰী জিলা কংগ্ৰছ সমিতি, প্ৰাক্তন বিধায়ক মদন কলিতা, জিলা মহিলা কংগ্ৰেছৰ সভানেত্রী পাপৰি মালাকৰ আদিকে ধৰি বিভিন্ন দল-সংগঠন,ব্যক্তিয়ে শোক প্ৰকাশ কৰে।

Your Comments