#বকোৰ পৰা বিষ্ণু ৰাম দাস:
সাম্প্ৰতিক সময়ত ক'ৰ'না মহামাৰীৰ দ্ৰুত গতিত সম্প্ৰসাৰণ হোৱাৰ বাবে শংকিত হৈ পৰিছে ৰাজ্যৰ জনসাধাৰণ।তেনে সময়তে কৰি জনতাক সজাগ কৰি তুলিবলৈ কামৰূপ জিলাৰ বকোত ওলাই আহিল ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ নেতৃবৃন্দ। উল্লেখ্য যে বিজেপিৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ উদ্যোগত ২৫ এপ্ৰিলত বকো অঞ্চলৰ ভিন্ন প্ৰান্তত ক'ৰ'না প্ৰ'টকল মানি চলিবলৈ সজাগতা বৃদ্ধি কৰা হয়।
লগতে,মাস্ক পৰিধান কৰিবলৈ আহ্বান জনায় আৰু মাস্ক পৰিধান নকৰাসকলক মাস্ক বিতৰণ কৰে। বিজেপিৰ যুৱ মৰ্চাৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ সভাপতি গিৰীৰাজ তিমচিনা,উপ-সভাপতি খনীন কলিতা,সাধাৰণ সম্পাদক প্ৰণৱ কলিতাৰ তৎপৰতাত বকো মণ্ডল সমিতি যুৱ মৰ্চাৰ সভাপতি বুদ্ধেশ্বৰ ৰাভাৰ উপৰিও মণ্ডল সমিতিৰ কাৰ্য্যকৰ্তাৰ সহযোগত বিতৰণ কৰা হয় মাস্ক। উল্লেখ্য যে বকোৰ ভিন্ন প্ৰান্তত বজাৰ-সমাৰত চলাচল কৰা ব্যক্তি,ঠেলা / ৰিক্সা চালক,দোকানী-কৰ্মচাৰী আদিকে ধৰি যিসকল লোকে মাস্ক পৰিধান কৰা নাই,সেই সকলৰ লোকৰ মাজত মাস্ক বিতৰণ কৰে বুলি জানিব লৈ দিয়ে যুৱ মৰ্চাৰ কৰ্মীকলে।
- Log in to post comments
- 14 views