#নুৰুল ইছলাম,চানডুবিঃ
সম্প্ৰতি ক’ৰ'নাই ত্ৰাসৰ সৃষ্টি কৰাৰ উপৰি অক্সিজেনৰ বাবেও হাহাকাৰ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে ৷ তেনে সময়ত কিন্তু একাংশ মুনাফালোভীৰ অবাধ বন ধ্বংস যজ্ঞই সচেতন ৰাইজ তথা প্ৰকৃতিপ্ৰেমীসকলক উদ্বিগ্ন কৰি তুলিছে ৷ ৰাজকোষৰ ধন খৰচ কৰি পোহপাল দিয়া বিয়াগোম বন বিভাগ এটা থকাৰ স্বত্বেও এক ভয়াৱহ আতংকময় পৰিস্থিতিৰ মাজতো একাংশ চোৰাং কাঠকটীয়া চক্ৰই নিজৰ মুনাফা লাভৰ হেতু নিৰ্বিঘ্নে চলাই গৈছে বন ধ্বংস যজ্ঞ ৷
উদাহৰণ স্বৰূপে পশ্চিম কামৰূপ বন সংমণ্ডলৰ লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত অৰণ্যৰ মাজতে চলিছে তেনে অবিবেচক প্ৰকৃতি ধবংস যজ্ঞ ৷ সম্প্ৰতি বনাঞ্চলিক কাৰ্যালয়টোৰ অধীনষ্ঠ অসম মেঘালয় সীমান্তৱৰ্তী বৰদুৱাৰ সংৰক্ষিত বনাঞ্চলৰ বিভিন্ন এলেকা তথা ঐতিহাসিক চানডুবি বিলৰ দাঁঁতিকাষৰীয়া গুটিপাৰা পথাৰ এলেকাত চোৰাংভাৱে সৰু-বৰ গছ কাটি তহিলং কৰিবলৈ লোৱাৰ খবৰ পোৱা গৈছে ৷ তদুপৰি, উক্ত বনাঞ্চলিক কাৰ্যালয়ৰে অন্তৰ্গত অসম-মেঘালয় সীমান্তৱৰ্তী কাৱাছিং পাহাৰৰ আশে-পাশে চোৰাং কাঠকটীয়াই বিভিন্ন প্ৰজাতিৰ গছ কাটি তহিলং কৰিছে ৷
আনহাতে,বৃহত্তৰ অঞ্চলটোৰ প্ৰকৃতি সুৰক্ষাৰ হকে স্থানীয় ৰাভা জাতীয় সংগঠনকে ধৰি বিভিন্ন দল-সংগঠনে অনেক পদক্ষেপ গ্ৰহণ কৰি আহিছে ৷ উক্ত ধবংস যজ্ঞক কেন্দ্ৰ কৰি প্ৰকৃতিপ্ৰেমী দল-সংগঠনৰ মাজত তীব্ৰ ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে ৷ প্ৰাপ্ত অভিযোগ অনুসৰি গছ কটা যন্ত্ৰৰ সহায়ত দুৰ্বৃত্তই গছ সমূহ কাটি টুকুৰা সমূহ সৰবৰাহ কৰাৰ লগতে অৰণ্যৰ মাজতেও কাঠ ফালি সৰবৰাহ কৰি আহিছে ৷
এইক্ষেত্ৰত কিন্তু বিভাগীয় বিষয়া-কৰ্মচাৰীসকলে নিৰ্বিকাৰ ভূমিকা পালন কৰা বুলিও গুৰুতৰ অভিযোগ উঠিছে।আনকি, অঞ্চলটোৰ প্ৰাকৃতিক সম্পদৰ সুৰক্ষা দিয়াৰ পৰিৱৰ্তে বিভাগীয় একাংশ বিষয়া কৰ্মচাৰীয়ে বালি তথা চোৰাং কাঠৰ নামত চোৰাং কাৰবাৰীসকলৰ পৰা কমিচন আদায়তহে সিদ্ধহস্ত বুলিও গুৰুতৰ অভিযোগ তুলিছে স্থানীয় প্ৰকৃতিপ্ৰেমী ৰাইজে ৷ তেনেক্ষেত্ৰত বৃহত্তৰ অঞ্চলটোৰ প্ৰাকৃতিক সম্পদৰাজি সুৰক্ষাৰ ক্ষেত্ৰত বিয়াগোম বিভাগটোৰ শীৰ্ষ মহলে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়া হৈ পৰিছে অতি লক্ষণীয় ৷
- Log in to post comments
- 20 views