দমদমা মহাবিদ্যালয়ত প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন,মত বিনিময় অনুষ্ঠান সম্পন্ন 

Pic

বিশেষ প্ৰতিবেদক, হাজো, ২৫ এপ্ৰিলঃ

তীৰ্থনগৰী হাজোৰ উচ্চ শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান দমদমা মহাবিদ্যালয়ৰ ছাত্ৰ সহযোগিতা আৰু ক্ৰমোন্নয়ণ সমিতিৰ উদ্যোগত কালি দিনৰ ভাগত প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন আৰু মত-বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ সৰ্বাংগীন বিকাশৰ বাবে প্ৰাক্তন শিক্ষাৰ্থীসকলক জড়িত কৰাৰ উদ্দেশ্যেৰে পূৰ্বৰ দৰে উক্ত সন্মিলন অনুষ্ঠিত কৰা হৈছিল বুলি ছাত্ৰ সহযোগিতা আৰু ক্ৰমোন্নয়ণ সমিতিৰ আহ্বায়ক অধ্যাপক গোপাল চন্দ্ৰ বৰ্মনে জনাইছে।

Pic

সম্পূৰ্ণ ক'ভিড প্ৰটোকল মানি মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত মত বিনিময় অনুষ্ঠানটো  মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সুৰঞ্জন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হৈ যায়। সভাৰ উদ্যেশ্য ব্যাখ্যা কৰে জ্যাষ্ঠ অধ্যাপক গোপাল বৰ্মনে। সভাত মহাবিদ্যালয়ৰ বিভিন্ন তিতা-মিঠা অভিজ্ঞতা ৰোমণ্ঠন কৰে বিভিন্নজন প্ৰাক্তন শিক্ষাৰ্থীয়ে। ইপিনে,
পৰৱৰ্তী সমাৰোহ অনুষ্ঠিত কৰাৰ বাবে সৰ্বসণ্মতি ক্ৰমে মহাবিদ্যালয়ৰ অধ্যক্ষ সুৰঞ্জন শৰ্মা, অধ্যাপক গোপাল বৰ্মন, বিৰাজ দাসক উপদেষ্টা, প্ৰাক্তন ছাত্ৰ জিতুমনি দাসক সভাপতি আৰু ৰুবুল চন্দ্ৰ দাসক সাধাৰণ সম্পাদক হিচাপে লৈ এখন উদযাপন সমিতি গঠন কৰে। আগন্তুক দুমাহৰ ভিতৰত এখন সভা অনুষ্ঠিত কৰি পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰাৰ বাবে সভাই প্ৰস্তাৱ গ্ৰহণ কৰে।

Your Comments