#বিশেষ প্ৰতিবেদক,হাজো,২৪ এপ্ৰিল:
কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত বৰহাৰদিয়াৰ এজন স্বাস্থ্যকৰ্মী ক'ভিডত আক্ৰান্ত হৈ আজি মৃত্যু মুখত পৰে।ক'ভিড পজিটিভ চিনাক্ত হোৱাৰ অতি কম সময়ৰ ভিতৰতে স্বাস্থ্য কৰ্মীগৰাকীৰ এনেদৰে মৃত্যু হোৱাত অতিকৈ শংকিত হৈ পৰিছে অঞ্চলটোৰ লোকসকল।
জানিব পৰা মতে, হাজো আৰক্ষী থানাৰ অধীনষ্ঠ বৰহাৰদিয়া নিবাসী তথা আমিনগাঁঁওস্থিত ইএচআই হাস্পতালৰ স্বাস্থ্যকৰ্মী শৈলেন্দ্ৰ কলিতা(৫৮)ই বিগত এসপ্তাহ ধৰি জ্বৰ-কাহত ভুগি আছিল।কিন্তু পৰহি নিশাৰ পৰা স্বাস্থ্যৰ অৱনতি ঘটাত পৰিয়ালৰ লোকে তেওঁঁক কালি পুৱাই শুৱালকুছি চিকিৎসালয়লৈ নি ক'ভিড পৰীক্ষা কৰোৱায়। চিকিৎসকে তেওঁৰ দেহত ক'ভিড পজিটিভ পোৱাৰ পিছত শিঙিমাৰী ক'ভিড চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও নিশা তেওঁ ঘৰলৈ আহে।কিন্তু নিশা তেওঁৰ জ্বৰ-কাহৰ মাত্ৰা বাঢ়িবলৈ ধৰে আৰু উশাহ -নিশাহ লোৱাত যথেষ্ট কষ্ট পোৱাত আজি পুৱাই তেওঁক পৰিয়ালৰ লোকে পাণবজাৰৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসালয় গৈ পোৱাৰ আগতে আদবাটতে তেওঁৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।
মৃত্যুৰ সময়ত নাৰ্চ পত্নীৰ লগতে দুই কন্যা সন্তান আৰু আত্মীয়-স্বজনক ইহ সংসাৰত এৰি থৈ যায়।জানিব পৰা মতে তেওঁৰ পত্নীৰ লগতে কন্যা সন্তান এগৰাকী আৰু গাওঁখনৰ তিনি-চাৰিজন লোক ক'ভিডত আক্ৰান্ত হৈছে।
- Log in to post comments
- 11 views