পলাশবাৰীৰ মেঘালয় সীমান্ততো ক'ৰ'না পজিটিভ চিনাক্ত

#নুৰুল ইছলাম,চানডুবিঃ সমগ্ৰ দেশজুৰি ক’ৰ'নাৰ দ্ৰুত সংক্ৰমণ ভয়াবহভাৱে বৃদ্ধি পাইছে ৷ তেনে এক আতংকময় পৰিৱেশে বিৰাজ কৰি থকাৰ সময়তে এইকেইদিনত কামৰূপ জিলাৰ পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত অসম-মেঘালয় সীমান্তৰ লোহাৰঘাট ৰাজ্যিক চিকিৎসালয়তো তিনিজনকৈ ক'ভিড-১৯ পজিটিভ ৰোগী চিনাক্ত হয় ৷ জানিব পৰামতে লেংটা তথা ভেলেৰাৰ দুজন লোকৰ ৰেপিড এন্টিজেন টেষ্টত ক'ভিড -১৯ পজিটিভ ধৰা পৰে ৷ আনহাতে,দুদিনমান আগতে বৰদুৱাৰ বাগান অঞ্চলৰ লোকৰ দেহতো কভিড পজিটিভ ধৰা পৰা বুলিও চিকিৎসালয়ৰ সূত্ৰত প্ৰকাশ।তদুপৰি,ক’ৰ'নাৰ ভয়াৱহ সংক্ৰমণ ৰোধৰ হেতু চিনাক্ত হোৱা লোকসকলক স্বাস্থ্য বিভাগৰ যাৱতীয় নীতি-নিয়মৰ মাজেৰে আছুতীয়াকৈ থকাৰ ব্যৱস্থা গ্ৰহণ কৰা বুলিও জানিব পৰা গৈছে ৷

Your Comments