#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,২৩ এপ্ৰিলঃ
আজি সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠক,সাধাৰণ সম্পাদক অক্ষয় ডেকা, উপ-সভাপতি ফণীধৰ বৰুৱা, সমৰজ্যোতি মহন্ত, সহ-সাধাৰণ সম্পাদক নিৰোজউদ্দিন আহমেদ,ক্ৰীড়া সম্পাদক কংকন কলিতাৰ নেতৃত্বত এটা সঁজাতি দলে নলবাৰী কোভিড ১৯ স্পেচিয়েল হাস্পতাল অতি শীঘ্ৰে মুকলি কৰাৰ বাবে নলবাৰী জিলা উপাযূ্ক্তক স্মাৰকপত্ৰ প্ৰদান কৰে।
সাম্প্ৰতিক সময়ত ভাৰতবৰ্ষৰ লগতে অসমতো কোভিদ ১৯ মহামাৰীৰ দ্বিতী ঢৌৱে জনসাধাৰণক বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিছে। অসমৰ ভিন্ন জিলাত এই মহামাৰীয়ে কালৰূপ ধৰাৰ উপক্ৰম হৈছে।নলবাৰী জিলাত ইতিমধ্যে দুই শতাধিক কোভিড পজিটিভ ৰোগী চিনাক্ত হৈছে আৰু ইয়াৰ দ্ৰুত সংক্ৰমণে ভৱিষ্যতৰ ভয়াৱতাৰ ইংগিত প্ৰদান কৰিছে।যোৱা বছৰৰ এক মাৰাত্মক অভিজ্ঞতাৰ পিছতো নলবাৰী জিলাত এতিয়ালৈকে বৰ্তমানৰ ক'ৰ'না মহামাৰীৰ ঢৌ ৰোধ কৰিবলৈ অথবা ভুক্তভোগী ৰোগীক চিকিৎসা প্ৰদানৰ ব্যৱস্থা প্ৰশাসনে এতিয়ালৈকে হাতত লোৱা পৰিলক্ষিত হোৱা নাই।জিলাখনৰ বেছিসংখ্যক লোকৰ ব্যক্তিগত চিকিৎসালয়তো চিকিৎসা গ্ৰহণ কৰাৰ ক্ষমতা নাই।
এনে ক্ষেত্ৰত নলবাৰী চহৰকে ধৰি জিলাখনৰ বিভিন্ন ঠাইত অতি শীঘ্ৰে ক'ভিড ১৯ পজিটিভ ৰোগীক চিকিৎসা কৰিবলৈ বিশেষ চিকিৎসালয় মুকলি কৰিবলৈ আৰু প্ৰয়োজনীয় চিকিৎসাৰ ব্যৱস্থা ল'বলৈ সদৌ নলবাৰী জিলা ছাত্র সন্থাৰ তৰফৰ পৰা দাবী জনায়।লগতে,সৰ্বসাধাৰণ ৰাইজক মাস্ক পৰিধান কৰা,সামাজিক দূৰত্ব বজাই ৰখাৰ লগতে প্ৰশাসনক সহায় কৰাৰ বাবে আহ্বান জনায়।
- Log in to post comments
- 8 views