বকোত আৰক্ষী বিষয়াৰ উদ্যোগত কোভিড সজাগতা অভিযান

Pic

#বকোৰ পৰা বিষ্ণু ৰাম দাস

ৰাজ্যত হুৰাহুৰে বৃদ্ধি পাইছে  ক'ৰ'না আক্ৰান্ত।ইয়াৰ পৰিপ্ৰেক্ষিতত চৰকাৰীভাৱে সজাগতা সজাগতা অভিযান চলোৱা হৈছে।এই ক্ষেত্ৰত কামৰূপ জিলাৰ বকোতো বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জীত কুমাৰ ৰয়ৰ তৎপৰতাত বৃহত্তৰ অঞ্চলটোত আৰম্ভ কৰিছে ক'ৰ'না মহামাৰীৰ সজাগতা অভিযানৰ কাৰ্য্যসূচী।

বকোৰ আৰক্ষী বিষয়াগৰাকীয়ে চৰকাৰী নীতি-নিৰ্দেশনা মানি এই বেলি বহাগ মাহৰ বিহু উদযাপন নিশা এঘাৰ বজাতে সাংস্কৃতিক অনুষ্ঠান সামৰণি মাৰিবলৈ আয়োজক সমিতিক আহ্বান জনায়।ইফালে, বকো বজাৰৰ সকলো দোকান-পোহাৰ সন্ধিয়া ৬ বজাৰ লগে লগে বন্ধ কৰিবলৈ অনুৰোধ কৰে আৰক্ষী বিষয়া সঞ্জীত কুমাৰ ৰয়ে।

আনহাতে,আজি দিনৰ ভাগত আৰক্ষী বিষয়াজনৰ নেতৃত্বত আৰক্ষীৰ জোৱান আৰু অৰ্ধ-সামৰিক বাহিনীৰ সহযোগত বকো বজাৰৰ মাজমজিয়াত দোকানীকে ধৰি বজাৰলৈ অহা সাধাৰণ লোকক মাস্ক পৰিধান কৰিবলৈ আহ্বান জনায় আৰু এই অনুৰোধ নমনাসকলোক জৰিমনা ভৰায়। লগতে, সকলোকে সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনায়।

 

Your Comments