*ছেনিটাইজকৰিলে শিক্ষানুষ্ঠান চৌহদ, শিক্ষক-কৰ্মচাৰীৰ পুনৰ ক'ৰ'না পৰীক্ষা সম্পন্ন*
#বিশেষ প্ৰতিবেদক হাজো,২৩ এপ্ৰিল :
সমগ্ৰ দেশত অব্যাহত ক'ৰ'নাৰ দ্বিতীয় ঢৌৰ কালৰূপ। সমান্তৰালভাৱে ৰাজ্যতো প্ৰতিদিনে বাঢ়ি আহিছে ক'ৰ'না আক্ৰান্তৰ সংখ্যা। সম্প্ৰতি ৰাজ্য চৰকাৰ আৰু শিক্ষা বিভাগে ৰাজ্যজুৰি শিক্ষানুষ্ঠানসমূহত প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ পাঠদান বন্ধ ৰাখিছে।অৱশ্যে,ষষ্ঠ শ্ৰেণীৰ পৰা বিশ্ববিদ্যালয় পৰ্যন্ত পাঠদান অব্যাহত ৰাখিছে।
তেনে সময়তে আজি কামৰূপ জিলা শিক্ষা বিভাগৰ অধীনষ্ঠ হাজোৰ-কুলহাটী হাইস্কুলৰ এগৰাকী শিক্ষয়িত্ৰীৰ দেহত ক'ভিড পজিটিভ ধৰা পৰাত বৃহত্তৰ অঞ্চলজুৰি সৃষ্টি হৈছে এক আতংকময় পৰিৱেশৰ। ঘটনা সন্দৰ্ভত জানিব পৰা মতে, শিক্ষানুষ্ঠানখনৰ সহকাৰী শিক্ষয়িত্ৰী নৱনীতা ডেকা গুৱাহাটীৰ বাসিন্দা। অইন দিনৰ দৰে যোৱা ২১এপ্ৰিলটো শিক্ষয়িত্ৰী ডেকাই বিদ্যালয়ত পাঠদান সম্পন কৰে যদিও শৰীৰটো দূৰ্বল অনুভৱ কৰি নিজ গৃহলৈ উভতে। তেনে কাৰনতে শিক্ষয়িত্ৰীগৰাকীয়ে যোৱা২২ এপ্ৰিলত গুৱাহাটীতে ক'ৰ'না পৰীক্ষা কৰাত পজিটিভ ধৰা পৰে আৰু ততালিকে শিক্ষয়িত্ৰী ডেকাই এই খবৰটো বিদ্যালয় কৰ্তৃপক্ষক জনায়। এই আতংকময় খবৰটো পোৱা মাত্ৰকে বিদ্যালয় কৰ্তৃপক্ষই আজি ছাত্ৰ-ছাত্ৰী সকলক শিক্ষানুষ্ঠান চৌহদত প্ৰৱেশ কৰিবলৈ নিদি সম্পূৰ্ণ বিদ্যালয় চৌহদ ছেনিটাইজ কৰাৰ ব্যৱস্থা কৰে আৰু শিক্ষানুষ্ঠান খনৰ শিক্ষক-কৰ্মচাৰীসকলক পুনৰ ক'ৰ'না পৰীক্ষা কৰোৱায়।
হাজো বিষ্ণুৰাম মেধি সামূহিক চিকিসালয়ত ক'ৰ'না পৰীক্ষাৰ ফলাফল মতে অন্য আটাইকেইজনৰে নিগেটিভ ধৰা পৰে। ইফালে, এইখন শিক্ষানুষ্ঠানৰে দ্বীজেন নাথ নামৰ অইন এগৰাকী শিক্ষক যোৱা চাৰি এপ্ৰিলতে ক'ৰ'না আক্ৰান্ত হৈ সম্প্ৰতিও চিকিৎসাধীন অৱস্থাত আছে বুলি জানিব পৰা গৈছে। সেই সূত্ৰে অৱশ্যে শিক্ষকগৰাকীয়ে সিদিনাৰ পৰা বিদ্যালয়লৈও অহা নাই।
শিক্ষানুষ্ঠানখনৰ ইজনৰ পিছত সিজনকৈ শিক্ষাগুৰুৰ দেহত ক'ৰ'না পজিটিভ ধৰা পৰাৰ ঘটনাত এতিয়া অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকল এক প্ৰকাৰ আতংকিত হৈ পৰা পৰিলক্ষিত হৈছে।
- Log in to post comments
- 10 views