#বকোৰ পৰা বিষ্ণু ৰাম দাস:
অসমীয়াৰ বাপতি সাহোন বিহু আৰু জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিৰ লগতে ধৰ্মীয় ভাৱাবেগৰ সমন্বয় ঘটাই কামৰূপ জিলাৰ বকো ৰাজহ চক্ৰৰ অন্তৰ্গত দিলিঙ্গা গাওঁত ২০ এপ্ৰিলত উদযাপন কৰা হ'ল ঊনবিংশতম বাৰ্ষিক সুঁঁৱৰী উৎসৱ। সাম্প্ৰতিক কালৰ ক'ৰ'না মহামাৰীৰ আতংকত চৰকাৰীভাৱে ঘোষণা কৰা নীতি-নিৰ্দেশনা অনুসাৰে কোভিড প্ৰ'টকল মানি অংশগ্ৰহণ কৰা ৰাইজে মাস্ক পৰিধান কৰি উদযাপন কৰে সুৱৰী উৎসৱ। উল্লেখ্য যে ১নং আৰু ২নং দিলিঙ্গা ৰাইজৰ সহযোগত আয়োজন কৰা দিলিঙ্গা আঞ্চলিক সুঁঁৱৰী উৎসৱ উদযাপন সমিতিৰ সভাপতি মাধৱ দাস আৰু সম্পাদক মুনীন্দ্ৰ দাসে জনোৱা মতে বিগত বছৰবোৰৰ দৰে এইবেলিও ১নং আৰু ২নং দিলিঙ্গা ৰাইজৰ ঐতিহ্যমণ্ডিত সুঁঁৱৰী উৎসৱ পালন কৰা হয়।
সুঁঁৱৰী উৎসৱ উদযাপন কৰা স্থানত ৬ ব'হাগৰ দিনা অৰ্থাৎ সাত বিহুৰ দিনা বৃহত্তৰ অঞ্চলটোৰ ৰাইজ সমবেত হয়।সুঁঁৱৰী উৎসৱত ঘোঁৰা দৌৰ,ল'ৰা-ছোৱালীৰ ভিন ভিন খেল-ধেমালি,বাৰেবৰণীয়া নৃত্য- গীতৰ প্ৰদৰ্শন কৰা হয়। সুঁঁৱৰী উৎসৱত বিহু,কোচ ৰাজবংশী কৃষ্টি-সংস্কৃতিৰ নৃত্য,নাম -প্ৰসংগ অনুষ্ঠিত কৰা হয়।লগতে,শক্তিপীঠ স্থানৰ দেৱ-দেৱীৰ থাপনা আদি স্থাপন কৰা হয় আৰু পূজা-অৰ্চনা কৰি সেৱা জনোৱা হয়।
উল্লেখ্য যে সুঁঁৱৰী উৎসৱৰ সামৰণি অনুষ্ঠানত বঁটা বিতৰণ কৰাৰ লগতে অঞ্চলটোৰ জ্যেষ্ঠ লোকসকলক বিহুৰ ওলগ জনায়।সুঁঁৱৰী উৎসৱত বিশিষ্ট সমাজকৰ্মী তাৰানাথ কলিতা,সনাতন দাস,সমাজকৰ্মী তথা শিক্ষক অমিয় কুমাৰ ৰয়,মাধৱ দাস,নাৰায়ণ মেধি,পৱিত্ৰ কুমাৰ দাস আদিকে ধৰি বহুকেইগৰাকী বিশিষ্ট লোকে অংশগ্ৰহণ কৰে।
- Log in to post comments
- 22 views