#নুৰুল ইছলাম,চানডুবিঃ
পলাশবাৰী থানাৰ অন্তৰ্গত বৰদুৱাৰ বাগানৰ নতুন চিমিনা গাঁৱৰ জয়নুদ্দিন আলিৰ পুত্ৰ চনাবুল্লা আলি (২৮) আজি প্ৰায় ডেৰমাহ ধৰি নিৰুদিষ্ট হৈ থকাত পৰিয়ালৰ মাজত হাহাকাৰ লাগি পৰিছে ৷ পৰিয়ালটোৱে জানিবলৈ দিয়া অনুসৰি বাকসত্ত্বাহীন চনাবুল্লাই বিজয়নগৰৰ এখন হোটেলত কাম কৰিছিল ৷ পিছে পৰিয়ালৰ লোকে বিজয়নগৰৰ হোটেল খনত খৱৰ কৰাত যোৱা ২৮ ফেব্ৰুৱাৰীতেই চনাবুল্লাক পোন্ধৰশ টকা লৈ ঘৰলৈ পঠিয়াই দিয়া বুলি জনাই হোটেলৰ মালিকে ৷ পিছে আজি ইমান দিনৰ পিছতো মুকবধিৰ যুৱক জন ঘৰ আহি নোপোৱাত পৰিয়ালৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৷ তেনেক্ষেত্ৰত মিঠাবৰণীয়া প্ৰায় ৫ ফুট ওখ যুৱক জনৰ কিবা সম্ভেদ পালে কোনো সদাশয় লোকে আৰক্ষী চকী অথবা পৰিয়ালৰ 9365568596 নম্বৰত যোগাযোগ কৰিবলৈ যুৱক জনৰ পৰিয়ালৰ লোকে বিনম্ৰ অনুৰোধ জনাইছে ৷
- Log in to post comments
- 10 views