#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,২০ এপ্ৰিল:
অন্ত পৰিল এটা স্বৰ্ণিল যুগৰ।অজস্ৰ গুণমুগ্ধক কন্দুৱাই পঞ্চভূতত বিলীন হ'ল ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্ষীয়ান ৰাজনীতিবিদ ডাঃভূমিধৰ বৰ্মন।পিতৃভূমি বেলশৰ শিঙিমাৰাৰ ভকতৰাম পুখুৰীৰ পাৰত ৰাজ্যিক মৰ্য্যাদাৰে সম্পন্ন হয় জ্যেষ্ঠ ৰাজনীতিবিদগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া।পুত্ৰ দিগন্ত বৰ্মনে কৰিলে মুখাগ্নি।প্ৰয়াত নেতা বৰ্মনে নিজ হাতে ৰোপণ কৰা চন্দন গছৰ কাঠেৰে জ্বলোৱা হ'ল চিতা।
এটি দীঘলীয়া ৰাজনৈতিক পৰিক্ৰমাৰ অন্ত পৰিল।গৰীৱৰ বন্ধু সৰু গান্ধী হিচাপে পৰিচিত ডাঃ ভূমিধৰ বৰ্মনক শেষবাৰৰ বাবে চাবলৈ হাজাৰ হাজাৰ গুণমুগ্ধই ভিৰ কৰিলেহি অন্ত্যেষ্টিক্ৰিয়া থলী।
প্ৰয়াত জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীক শেষ শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ অন্ত্যেষ্টিক্ৰিয়াথলীত উপস্থিত হ'ল ৰাজ্যৰ মুুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা,বিৰোধী দলপতি দেৱব্ৰত শইকীয়া,উপ-দলপতি ৰকিবুল হুছেইন,বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস,বিধায়ক নাৰায়ণ ডেকা,বিধায়ক প্ৰশান্ত ফুকন,শ্বেৰমান আলী আহমেদ,মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালীকে ধৰি বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি।এক কথাত মিলন ভূমিত পৰিণত হ'ল ভকতৰাম পুখুৰীৰ পাৰ।ৰাজনৈতিক শত্ৰুতা পাহৰি প্ৰয়াত নেতাগৰাকীক শেষবাৰৰ বাবে চাবলৈ ভিৰ কৰিলে ভকতৰাম পুখুৰীৰ পাৰ।
উল্লেখ্য যে প্ৰয়াত বৰ্ষীয়ান ৰাজনৈতিক নেতাগৰাকীৰ নশ্বৰ দেহ সোমবাৰে জিলাখনৰ বিভিন্ন প্ৰান্তত পৰিভ্ৰমণ কৰাৰ অন্তত নিশাটো বেলশৰস্থ নিজগৃহতে ৰখা হৈছিল।
- Log in to post comments
- 14 views