আজীৱন শিক্ষাব্ৰতী,স্পষ্টবাদী, সাহিত্যানুৰাগী,সমাজকৰ্মী আৰু সৰ্বোপৰি শিক্ষা বিলাবলৈ জীৱন উচৰ্গা কৰা শিক্ষাবিদ কনক চন্দ্ৰ হালৈ।নিৰহংকাৰী আৰু অমায়িক স্বভাৱ তেখেতৰ ব্যক্তিত্বৰ অন্যতম দিশ।সাধাৰণ এজন লোককো আপোন কৰি ল'ব পৰা গুণৰ অধিকাৰী এইগৰাকী শিক্ষাব্ৰতী লোকেৰ ২০ এপ্ৰিলৰ পুৱা ৭.৪৫ মিনিটত গুৱাহাটীৰ পাঞ্জাবাৰীৰ নামঘৰ পথৰ বাসভৱনত পৰলোকপ্ৰাপ্তি ঘটে।
বৰভাগ কলেজৰ অৱসৰী অধ্যক্ষ, অৱসৰৰ পিছত পুনৰ নাৰেঙ্গী কলেজত তিনিবছৰ অধ্যক্ষতা, পাঁচ বছৰ সোণাপুৰ কলেজৰ পৰিচালনা সমিতিৰ সভাপতি,পাঞ্জাবাৰী জুনিয়ৰ কলেজৰ পৰিচালনা সমিতিৰ সম্পাদক আৰু কাৰ্যবাহী সদস্য,উত্তৰণ সাহিত্য-সাংস্কৃতিক গোষ্ঠী,বতাহঘূলিৰ উপদেষ্টা, পাঞ্জাবাৰী উদ্যান আদিৰ লগত ওতপ্ৰোতভাৱে জড়িত হৈ শৈক্ষিক আৰু সামাজিক ক্ষেত্ৰখনলৈ বিশিষ্ট অৱদান আগবঢ়াই গৈছে প্ৰয়াত কনক চন্দ্ৰ হালৈয়ে।
বিশিষ্ট শিক্ষাবিদ হালৈৰ বিয়োগত পাঞ্জাবাৰী অঞ্চলটোত শোকৰ ছাঁ পৰে।
- Log in to post comments
- 122 views