শ্বহীদক কৈ বিতৰ্কিত মন্তব্য কৰা লেখিকা শিখা শৰ্মাক গ্ৰেপ্তাৰ।দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে বিতৰ্কিত লেখিকাগৰাকীক।294 a /124A/500/506 ipc 45 it act অনুসৰি ৰুজু কৰিলে গোচৰ।
সামাজিক মাধ্যমত শ্বহীদৰ প্ৰতি বিতৰ্কিত মন্তব্য কৰাৰ বাবে ৰাজ্যৰ কেইবাঠাইতো দিয়া গোচৰৰ ভিত্তিত গেপ্তাৰ শিখা শৰ্মাক।
উল্লেখ যে সোমবাৰে ফেচবুকত মাওবাদী আক্ৰমণত নিহত শ্বহীদ জোৱানক লৈ বিৰূপ মন্তব্য প্ৰকাশ কৰিছিল শৰ্মাই।লেখিকা গৰাকীৰ মন্তব্যক লৈ সামাজিক মাধ্যমত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।তাৰ মাজতে দুগৰাকী অধিবক্তাই তেওঁৰ বিৰুদ্ধে দিছপুৰ থানাত দাখিল কৰিছিল এজাহাৰ।এজাহাৰৰ ভিত্তিতে মঙলবাৰে দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে শৰ্মাক।
গুৰুত্বপূৰ্ণ যে বিভিন্ন সময়ত লেখিকাগৰাকীয়ে সামাজিক মাধ্যমত বিতৰ্কিত মন্তব্য প্ৰকাশ কৰি আহিছিল।
- Log in to post comments
- 63 views