#মৃণাল ডেকা,শুৱালকুছি :
ৰাজ্যত অব্যাহত আছে বন্য জীৱ-জন্তুৰ অবৈধ চোৰাং ব্যৱসায়।১৮ মার্চত হাজোৰ গন্ধমৌত এটা দুুষ্পাপ্য বনৰৌসহ চাৰিটা চোৰাং ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰাৰ ঘটনাই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।জানিব পৰা মতে, ডি এফ অ' দীপক ডেকা,এ চি এফ দেৱৰায় চৌধুৰী আৰু হাজো আঞ্চলিক বন বিষয়া সংগীতা ৰাণী সিনহাৰ নেতৃত্বত এটা গোপন খবৰৰ ভিত্তিত হাজোৰ গন্ধমৌত অভিযান চলাই এটি প্ৰায় ৫ কেজি ৬শ গ্ৰাম ওজনৰ দুষ্পাপ্য বনৰৌ উদ্ধাৰ কৰাৰ লগতে ৪ জন চোৰাং ব্যৱসায়ী আৰু দুখন বিলাসীৰ গাড়ীৰ সৈতে আটক কৰে।
বন বিভাগৰ সূত্ৰই জনোৱা মতে,নলবাৰী জিলাৰ শিয়ালমাৰী চৰৰ পৰা চোৰাংভাৱে বনৰৌটো বিক্ৰীৰ বাবে আনিছিল।এনেতে এক গোপন খবৰ লাভ কৰি হাজোৰ বন বিষয়াৰ নেতৃত্বত অহা এটি দলে অতৰ্কিতে অভিযান চলাই ঝাৰখাণ্ডৰ পৰা অহা জে এইচ ২৪ ই ৮৮৯৯ নম্বৰৰ এখন চুইফ ডিজিয়াৰ আৰু এ এচ ০১/ভি/৩৭৫১ নম্বৰৰ দুখন বিলাসী বাহনৰ সৈতে ঝাৰখণ্ডৰ ৰবিকান্ত গুপ্তা,মৈয়দ আখতাৰ,বিকাশ চোনী আৰু নলবাৰীৰ জিলাৰ শিয়ালমাৰী চৰৰ ৰমজান নামৰ চোৰাং ব্যৱসায়ীজনক আটক কৰি হাজো বন বিভাগৰ কাৰ্য্যালয়লৈ আনে।সম্প্ৰতি অধিক তথ্যৰ বাবে চাৰিওজনকে মাৰাথন জেৰা চলাই আছে।
- Log in to post comments
- 32 views