বঙাইগাঁৱত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী দীপু চৌধুৰীৰ মনোনয়ন-পত্ৰ দাখিল 

Pic

#বঙাইগাঁঁৱৰ  প্ৰতিবেদক:

বিশাল সমদলেৰে ১৮ মাৰ্চত বঙাইগাঁও বিধানসভা সমষ্টিৰ অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ উমৈহতীয়া প্ৰাৰ্থী দীপু চৌধুৰীয়ে বঙাইগাঁও জিলা ৰিটাৰ্ণিং বিষয়াৰ ওচৰত নিজৰ মনোনয়ন-পত্ৰ দাখিল কৰে ৷ অহা ৬ এপ্ৰিলত তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া বঙাইগাঁও বিধানসভা সমষ্টিৰ পৰা এইবেলি প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবঢ়া দীপু চৌধুৰী সৌ সিদিনালৈকে অগপ দলৰ নেতা আছিল ৷ লগতে আছিল দুবাৰকৈ বঙাইগাঁও পৌৰ সভাৰ সভাপতি ৷ অগপ দল ত্যাগ কৰি অসম জাতীয় পৰিষদত যোগদান কৰা দীপু চৌধুৰীয়ে ইতিমধ্যে অগপ দলৰ ভেঁটিত আঘাত হনাৰ বাবে আপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে ৷ উল্লেখ্য যে মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে ভাকাৰিভিটাস্থিত খেল পথাৰৰ পৰা চহৰৰ মাজেৰে জিলা উপায়ুক্ত কাৰ্যালয়ৰ গাতে লাগি থকা গান্ধী ময়দানলৈ এক বিশাল সমদল উলিয়ায় ৷ অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ তিনি সহস্ৰাধিক কৰ্মী-সমৰ্থকৰ লগতে বেণ্ড পাৰ্টী,বিভিন্ন সাংস্কৃতিক দলৰ অংশগ্ৰহণেৰে প্ৰাৰ্থীগৰাকীক লৈ উলিওৱা এই সমদল গান্ধী ময়দানত সামৰণি পৰে ৷ সমদলকাৰীসকলে গোটেই পথছোৱা বিভিন্ন শ্লোগানেৰে মুখৰিত কৰি তোলে ৷ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীগৰাকীয়ে জিলা উপায়ুক্ত কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰি সংবাদ মাধ্যমৰ আগত কয় যে ৰাইজে দেখি আছে যে ৩৫ বছৰত যিমান উন্নয়ন হ'ব লাগিছিল সেয়া হোৱা নাই ৷ ফণীভূষণ চৌধুৰী একেৰাহে পাঁচবাৰকৈ বিধায়ক তথা দুবাৰকৈ কেবিনেট মন্ত্ৰী হোৱাৰ পিচতো ৰাইজৰ মুখে মুখে এটাই কথা যে বঙাইগাঁৱৰ যিমান উন্নয়ন হ'ব লাগিছিল সেয়া হোৱা নাই ৷ শিক্ষা , উদ্যোগ, ব্যৱসায়-বাণিজ্যকে ধৰি সকলো ক্ষেত্ৰতে আমি বহু পিচ পৰি আছো ৷ মই যিখিনি কাম তেওঁৰ ৩৫ বছৰীয়া কাৰ্যকালত হোৱা নাই,সেইখিনি কাম আগবঢ়াই নিয়াৰ কাৰণে চেষ্টা কৰিম ৷ মূল প্ৰতিদ্বন্দ্বিতা কাৰ লগত হ'ব সেইটো এতিয়াও ক'ব পৰা হোৱা নাই বুলি কৈ আমি আমাৰ কামখিনি আগবঢ়াই লৈ গৈ আছোঁঁ বুলি কয় ৷ আনহাতে, কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীৰ সন্দৰ্ভত দীপু চৌধুৰীয়ে কয় যে বিগত ৩৫ টা বছৰে কংগ্ৰেছ দলে অগপ দলৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰি আহিছে যদিও তেওঁলোকৰ দলৰ ভিতৰত যিটো অন্তঃকন্দল,সেই অন্তঃকন্দলৰ কাৰণে সফল হ'ব নোৱাৰিলে ৷ এইবাৰো একেই হ'ব ৷ সেয়ে আমি জয়লাভ কৰাটো নিশ্চিত  ৷ উল্লেখ্য যে মনোনয়ন দাখিল কাৰ্যসূচীত অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াও উপস্থিত থাকে ৷ 

ইপিনে,বৃহস্পতিবাৰে ভোটাৰচ পাৰ্টি ইণ্টাৰনেচনেলৰ প্ৰাৰ্থী হিচাপে সবেন্দ্ৰ বসুমতাৰীয়েও নিজৰ মনোনয়ন-পত্ৰ দাখিল কৰে ৷ 


 

Your Comments