বিশাল বাইক ৰেলীৰে হাজোৰ অজাপ প্ৰাৰ্থী দুলু আহমেদৰ মনোনয়ন-পত্ৰ দাখিল

Pic

#বিশেষ প্ৰতিবেদক,হাজো,১৮ মাৰ্চ : 

হেলিকপ্টাৰৰ চমক আৰু বিশাল বাইক ৰেলীৰে ৫৫ নং হাজো বিধানসভা সমষ্টিৰ অজাপৰ প্ৰাৰ্থী দুলু আহমেদে আজি মনোনয়ন দাখিল কৰে। আজি হাজোৰ বৰ্ণি খেলপথাৰত দিনৰ এঘাৰ বজাত অজাপৰ ৰাজ্যিক সভাপতি লুৰিণজ্যোতি গগৈ আৰু হাজোৰ অজাপৰ প্ৰাৰ্থী দুলু আহমেদে এখন হেলিকপ্টাৰৰে আহি অৱতৰণ কৰে।লোকে- লোকাৰণ্য হৈ পৰা পৰিৱেশত দলীয় কৰ্মী-সমৰ্থকে দুয়োজনকে উষ্ম আদৰণি জনাই অজাপ জিন্দাবাদ, লুৰিণজ্যোতি গগৈ জিন্দাবাদ, দুলু আহমেদ জিন্দাবাদ ধবনিৰে পৰিৱেশ উত্তাল কৰি তোলে।ইয়াৰ পিছতে বিশাল বাইক ৰেলিৰে দলৰ ৰাজ্যিক সভাপতি লুৰিণজ্যোতি গগৈ,দুলু আহমেদৰ পত্নী ৰ'জী আহমেদ,পুত্ৰ চাহিলসহ আগবাঢ়ি আমিনগাঁৱত উপস্থিত হৈ মনোনয়নপত্ৰ দাখিল কৰে। 

Pic

ইয়াৰ পূৰ্বে হাজোৰ-বৰ্ণিত উপস্থিত হৈ অজাপৰ ৰাজ্যিক সভাপতি লুৰিণজ্যোতি গগৈয়ে সাংবাদিকৰে হোৱা এক বাৰ্তালাপত কয়,সমাগত বিধানসভা নিৰ্বাচনত সমগ্ৰ ৰাজ্যজুৰি অজাপৰ প্ৰাৰ্থিক ভোটাৰ ৰাইজে আদৰি ল'ব আৰু ৰাজ্যত এখন জাতীয়তাবাদী ভাৱধাৰাৰে পৰিচালিত চৰকাৰ হ'ব।এই প্ৰসংগতে বিজেপিক আক্ৰমণ কৰি তেওঁ পুনৰ কয়-'যি পানীত জাহাজ চলিব, সেই পানীত পদুম নুফুলে।'এইবাৰ সমগ্ৰ অসমবাসীয়ে বিজেপিক উফৰাবলৈ ঐক্যবদ্ধ হৈছে।হাজোৰ অজাপৰ প্ৰাৰ্থী দুলু আহমেদে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত সমাগত বিধানসভা নিৰ্বাচনত অজাপ আৰু বিজেপিৰ মাজত প্ৰতিদ্বন্দিতা হ'ব বুলি উল্লেখ কৰি বিজেপিতকৈ প্ৰায় বিশৰ পৰা পচিশ হাজাৰ ভোটৰ ব্যৱধানত বিজয় সুনিশ্চিত বুলি দাবী কৰে।

Your Comments