বঙাইগাঁৱত অজাপৰ প্ৰাৰ্থীক ৰাইজৰ দলৰ পূৰ্ণ সমৰ্থন  

Pic

#বঙাইগাঁৱৰ প্ৰতিবেদক:

নামনি অসমৰ অন্যতম গুৰুত্বপূৰ্ণ সমষ্টি ৩২ নং বঙাইগাঁও বিধানসভা সমষ্টিত এইবেলি জয়ী হোৱাৰ বাবে উঠি-পৰি লাগিছে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী দীপু চৌধুৰী ৷ উল্লেখ্য যে সৌ সিদিনালৈকে ফণীভূষণ চৌধুৰীৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকা তথা বঙাইগাঁও পৌৰসভাত বিগত দুটা কাৰ্যকাল পৌৰপতিৰ কাৰ্যভাৰ চলাই যোৱা দীপু চৌধুৰীক পূৰ্ণ সমৰ্থন জনাইছে ৰাইজৰ দলে ৷ ১৭ মার্চত বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ বঙাইগাঁও জিলা সমিতিয়ে আয়োজন কৰা এখন যৌথ সংবাদমেলত ৰাইজৰ দলে অজাপৰ প্ৰাৰ্থীগৰাকীক সমৰ্থন জনোৱাৰ কথা ঘোষণা কৰে৷

সংবাদ মেলত ৰাইজৰ দলৰ সভাপতি দীপক দাসে কয় যে ৩২ নং বঙাইগাঁও বিধানসভা সমষ্টিত অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে যৌথভাৱে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ বাবে পূৰ্বৰে পৰা প্ৰস্তুতি চলাই আহিছিল ৷ সেয়ে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ উমৈহতীয়া প্ৰাৰ্থী দীপু চৌধুৰীক ৰাইজৰ দলৰ বঙাইগাঁও জিলা সমিতিয়ে পূৰ্ণ সমৰ্থন আগবঢ়াব ৷ ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে আৰু কয় যে বঙাইগাঁৱৰ একাধিক সমস্যাৰ লগতে বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ পৰিকাঠামো উন্নত কৰাৰ যথেষ্ট সুযোগ আছিল যদিও এয়া কৰা নহ'ল ৷ ফলত সৰ্বসাধাৰণ ৰাইজে ব্যক্তিগত খণ্ডৰ  চিকিৎসালয়ৰ কাষ চাপিবলগীয়া হৈছে ৷ বঙাইগাঁৱত এখন চিকিৎসা মহাবিদ্যালয় হ'ব লাগিছিল ৷ কিন্তু নহ'ল ৷ সেইদৰে শৈক্ষিক দিশতো বঙাইগাঁৱত তেনে কোনো উচ্চ তথা উন্নত শিক্ষানুষ্ঠান গঢ়ি উঠা নাই ৷ আই টি আই এখন আছে যদিও ইয়াৰো জৰাজীৰ্ণ অৱস্থাই শৈক্ষিক পৰিৱেশ বিনষ্ট কৰিছে ৷ এইবোৰ দিশত বিধায়কগৰাকীয়ে গুৰুত্ব দিব লাগিছিল যদিও নিদিলে ৷ সেয়ে বঙাইগাঁও সমষ্টিৰ পৰা দীপু চৌধুৰী জয়ী হ'লে শৈক্ষিক আৰু স্বাস্থ্য খণ্ডত যথেষ্ট গুৰুত্ব প্ৰদান কৰিব বুলি কয় ৷ লগতে,দল দুটাৰ উমৈহতীয়া প্ৰাৰ্থীগৰাকী পৌৰ সভাৰ সভাপতি হৈ থকা সময়ত বহু কাম-কাজ কৰা বুলি কৈ বঙাইগাঁৱৰ ৰাইজে পৰিৱৰ্তন বিচাৰিছে আৰু সেই পৰিৱৰ্তনৰ বিকল্প দিব পাৰিছে বাবে প্ৰাৰ্থীগৰাকীক ভোট দিব বুলি আশা ব্যক্ত কৰে।

ইপিনে,সংবাদ মেলত অসম জাতীয় পৰিষদৰ বঙাইগাঁও জিলা সমিতিৰ সভাপতি কুসুম্বৰ ৰায়ে কয় যে এই সমষ্টিৰ ৰাইজে পৰিৱৰ্তন বিচাৰিছে ৷ বিগত ৩৫ বছৰে সমষ্টিটোৰ পৰা বিধায়ক হৈ থকা ফণীভূষণ চৌধুৰী দুবাৰকৈ মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিলে ৷ কিন্তু তেওঁৰ কাৰ্যকালত ৰাইজে কোনো নতুনত্ব পোৱা নাই ৷ মানুহৰ আবেগক লৈ তেওঁ ৰাজনীতি কৰি আহিছে ৷ সেয়ে এইবাৰ ৰাইজে পৰিৱৰ্তন বিচাৰিছে আৰু পৰিৱৰ্তনৰ স্বাৰ্থত সমষ্টিবাসী ৰাইজে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ উমৈহতীয়া প্ৰাৰ্থী দীপু চৌধুৰীক জাহাজৰ ছবিত ভোট দি জয়যুক্ত কৰিব।সংবাদমেলত ৰাইজৰ দলৰ বঙাইগাঁও জিলা সমিতিৰ কাৰ্যকৰী সভাপতি হিৰকজ্যোতি বৰ্মন,সম্পাদক নীলমণি কলিতা,সাংগঠনিক সম্পাদক ৰাজীৱ দাস,টাউন মণ্ডলৰ সভাপতি বাপন দাস,বঙাইগাঁও সমষ্টিৰ সভাপতি বিকাশ বৰ্মনৰ লগতে আৰু কেইবাগৰাকী নেতা উপস্থিত থাকে৷

 

Your Comments