ঘগ্ৰাপাৰত মহাজোঁটৰ প্ৰাৰ্থীৰ সমৰ্থনত ১৫খনকৈ পথ সভা

Pic

*জয়ন্ত মল্ল বৰুৱা জয়ী হ'লে ৩ মে'ৰ পৰা বিসম্বাদ আৰম্ভ কৰিব-প্ৰদ্যুৎ কুমাৰ ভূঞাঁ* 

#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,১৭ মাৰ্চঃ

অহা ১ এপ্ৰিলত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া নলবাৰী সমষ্টিত মহাজোঁটৰ সমৰ্থিত কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে প্ৰচাৰ অভিযান ব‍্যাপক কৰি তুলিছে।কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ কুমাৰ ভূঁঁঞাই আজি সমষ্টিটোৰ অন্তৰ্গত ঘগ্ৰাপাৰ বিভিন্ন গাঁৱত প্ৰায় ১৫ খন পথ সভা অনুষ্ঠিত কৰি ৰাইজৰ মাজত সোমাই পৰে। তেওঁ আজি  পৈছাৰা,চত্ৰা,পাটকাটা,বৰজাৱৰিহাটী,২ নং নিমুৱা লাটিমা, চিলিং, নিজখগটা,বুৰবুৰী,নাৰিকুছি,বিলপাৰ,কটকীয়া,গলিয়া আদিত সৰু সৰু সভা অনুষ্ঠিত কৰি ভোটাৰ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে। উক্ত আটাইকেইখন সভাতে মহাজোঁটৰ প্ৰাৰ্থী প্ৰদ্যুৎ কুমাৰ ভূঁঁঞাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন চৰকাৰখনক আৰু নলবাৰীৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত মল্ল বৰুৱাক তীব্ৰ ভাষাৰে সমালোচনা কৰে। নিজ ভাষণত মহাজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন চৰকাৰখনে বিদেশীক মাটি দিয়া বুলি উল্লেখ কৰি সম্প্ৰতি অসমীয়া জাতি আৰু ভাষাক নিঃশেষ কৰিব বিচাৰিছে বুলি  মন্তব্য কৰে। বিজেপিয়ে আকৌ শাসনৰ গাদী দখল কৰিবলৈ হ'লে অসম বিদেশীৰ চৰণীয়া পথাৰ হৈ পৰিব বুলি মন্তব্য কৰি তেওঁ কয় যে ৰাইজে আগন্তুক দিনত জাতিক বচোৱাৰ স্বাৰ্থত বিজেপিৰ বিৰুদ্ধে ভোটদান কৰিব লাগিব।ভূঁঁঞাই বিজেপি দলৰ জনবিৰোধী নীতিক তীব্ৰ ভাষাৰে ভৎসৰ্না লগতে এইবাৰ অসমত মহাজোঁটৰ চৰকাৰ গঠন হোৱাটো খাটাং বুলি উল্লেখ কৰে।

Pic

উক্ত পথ সভাকেইখনত নলবাৰী সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত মল্ল বৰুৱাকো ভূঁঁঞাই তীব্ৰ ভাষাৰে আক্ৰমণ কৰে। বিসম্বাদী ৰাজনীতিত সিদ্ধহস্ত জয়ন্ত মল্ল বৰুৱাই সমাগত নিৰ্বাচনত জয়ী হ'লে অহা ৩ মে'ৰ পৰা পুনৰ বিসম্বাদ আৰম্ভ কৰিব বুলি ভৱিষ্যৎবাণী কৰি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীক ভোট নিদিবলৈ ৰাইজক আহ্বান জনায়। ২০১১ চনত জয়ন্ত মল্ল বৰুৱাই কংগ্ৰেছৰ পৰা সমষ্টিটোত জয়ী হৈছিল যদিও জয়ী হোৱাৰ দুবছৰ পিছৰে পৰা তেওঁ বিসম্বাদ আৰম্ভ কৰি নলবাৰী সমষ্টিক বহু দূৰ পিছুৱাই নিছিল বুলিও  ৰাইজক অৱগত কৰে। ভাষণ প্ৰসংগত প্ৰাৰ্থীগৰাকীয়ে এইবেলি মহাজোঁটৰ চৰকাৰ গঠন বুলি পুনৰ  দাবী কৰে লগতে তেওঁ নিজে বিজয়ী  হ'লে মহাজোঁটৰ পাঁচটা গেৰান্টি সফল ৰূপায়ণ কৰাৰ লগতে নিৱনুৱা যুৱক -যুৱতীক সংস্থাপিত কৰাৰ লক্ষ্যৰে নলবাৰীত ঔদ্যোগিক চহৰলৈ ৰূপান্তৰিত কৰিব বুলি  আশ্বাস প্ৰদান কৰে।প্ৰাৰ্থীগৰাকীক আজি চি পি আই (এম) নেতা ভুৱনেশ্বৰ শৰ্মা,প্ৰসন্ন মল্ল বৰুৱা,বড়িগোগ বনভাগ ব্লক কংগ্ৰেছ সভাপতি ভুৱনেশ্বৰ কলিতা,যূৱ কংগ্ৰেছ সভাপতি ওছমান আলী,কংগ্ৰেছ নেত্ৰী  সবিতা কলিতা,উত্তৰা কলিতা,অনিতা কলিতা,ঘগ্ৰাপাৰ মণ্ডল কংগ্ৰেছ সভাপতি জীতেন শৰ্মা,সাধাৰণ সম্পাদক হৰকান্ত হালৈ আদিয়ে সংগ দিয়ে। ইপিনে, নাৰিকুছিত অনুষ্ঠিত পথসভাখনত অঞ্চলটোৰ প্ৰায় কুৰিগৰাকী  বড়ো মহিলাই কংগ্ৰেছত আনুষ্ঠানিকভাৱে যোগদান কৰে।

Your Comments