মুখ্যমন্ত্ৰী সোণোৱালৰ বিকশিত অসমত বকোৰ এখন গাঁৱৰ পঁয়ালগা ছবি:গোহালি সদৃশ গৃহত থাকে অমিয়া দাসৰ পৰিয়াল

Pic

#বকোৰ পৰা বিষ্ণুৰাম দাস:

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ডিজিটেল ইণ্ডিয়াৰ এই অসম মুলুকৰ ৰাজ্য চৰকাৰৰ বিকাশৰ ছাঁ নপৰা কামৰূপ জিলাৰ বকোৰ এখন গাঁৱৰ পয়ালগা ছবি দেখিলে সাধাৰণ জনতাৰ চকু কপালত উঠিব।হয়,বকো ৰাজহ চক্ৰৰ অন্তৰ্গত ৭৩ নং পশ্চিম বেকেলী গাওঁ পঞ্চায়তৰ অধীনৰ ২ নং দক্ষিণ ছেখাদাৰী (কুকুৰমাৰা)গাঁৱৰ অমিয়া দাসৰ পৰিয়ালৰ জীৱন-যাপনৰ কাহিনী দেখিলে বা শুনিলেই মনত বেজাৰ অনুভৱ হ'ব। কাৰণ,অমিয়া দাসৰ পৰিয়ালৰ জীৱন-যাপনৰ বিষয়ে জানিলেই ৰাজ্যত এখন চৰকাৰ যে আছে আৰু চৰকাৰৰ যে দৰিদ্ৰ ভোটাৰৰ বাবে কিবা কৰণীয় আছে বুজা টান হৈ পৰে।বকো আৰক্ষী থানাৰ অন্তৰ্গত ২ নং দক্ষিণ ছেখাদাৰী ( কুকুৰমাৰা ) গাঁৱৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ মুৰব্বী লক্ষ্মীকান্ত দাসৰ পাঁচজন পুত্ৰ ক্ৰমে ধ্ৰুৱ দাস,দেৱেশ্বৰ দাস,ভূপেন দাস, নিপুণ দাস আৰু শিৱ দাসৰ জীৱন- যাপনৰ বিষয়ে জানিবলৈ ১৬ মাৰ্চত একাধিক সাংবাদিক উপস্থিত হৈছিল পৰিয়ালটোৰ গৃহত।পৰিয়ালটোৰ বিষয়ে জানিবলৈ বিচৰাত জনায় যে পূৰ্বে গাঁওখনৰ গাঁওবুঢ়াৰ দায়িত্ব পালন কৰিছিল লক্ষ্মীকান্ত দাসে।কিন্তু,গাঁওবুঢ়া লক্ষ্মীকান্ত দাসৰ ৰোগাক্ৰান্ত অৱস্থা হোৱাত পৰিয়ালৰ আত্মীয়ই গাঁওবুঢ়াৰ দায়িত্ব পালন কৰিবলৈ লয় আৰু অতিকৈ অভাৱগ্ৰস্ত হৈ পৰে লক্ষ্মীকান্তৰ পৰিয়ালটো।

Pic

উল্লেখ্য যে পৰিয়ালটোৰ তৃতীয় পুত্ৰ ভূপেন দাস যোৱা ২০১১ চনৰ ফেব্ৰুৱাৰী মাহত মেঘালয়ৰ ছালাঙত কৰ্মৰত অৱস্থাত দুৰ্ঘটনাত পতিত হৈ বহুদিন উন্নত চিকিৎস্যাৰ বাবে গুৱাহাটীৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাত খৰচৰ বাবদ প্ৰায় ১৬ বিঘা মাটি বিক্ৰী কৰিব লগা হৈছে। তেনেকৈ পৰিয়ালৰ মুৰব্বী লক্ষ্মীকান্ত দাসৰ  অচিন ৰোগ আছে বাবে সদায়েই খৰছ কৰিবলগীয়া হয়।ইফালে,পৰিয়ালৰ গৃহিণী অমিয়া দাসৰ থকা গৃহটো গোহালি সদৃশ। আনহাতে,গাঁওখনৰ ৭৩ নং পশ্চিম বেকেলী গাঁও পঞ্চায়ত কাৰ্য্যালয় নিচেই কাষতে। তৎস্বতেও পঞ্চায়তৰ আঁচনিয়ে ঢুকি পোৱা নাই পৰিয়ালটোক। নাই চৰকাৰী গৃহ,নাই বিশুদ্ধ খোৱাপানী, উন্নয়নৰ ছবি শূণ্য। ইফালে, এই অঞ্চলত আছে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদ, আছে পঞ্চায়তীৰাজ ব্যৱস্থা।সাংসদ, বিধায়িকা সকলো থকাৰ পিছতো অমিয়া দাসহঁতৰ এই অৱস্থা।এই ক্ষেত্ৰত চৰকাৰৰ অস্তিত্ব আছে বুলি বিশ্বাস নহয়।লক্ষ্মীকান্ত দাসৰ পৰিয়ালটোলৈ সুদৃষ্টি পাৰিবনে চৰকাৰৰ মুৰব্বী, পঞ্চায়তৰ কৰ্মী অথবা ৰাভা হাছংস্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী বিষয়াসকলৰ?

  

Your Comments