*দিহজাৰীত নলবাৰী সমষ্টিৰ মহাজোঁঁটৰ প্ৰদ্যুত কুমাৰ ভূঁঁঞাৰ ৫ খন পথ সভা*
#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:
দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া নলবাৰী সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ মনোনয়ন বৈধ ঘোষণা হোৱাৰ পিছতে সমষ্টিটোত নিৰ্বাচনী ৰণত নামি পৰিছে ৭ গৰাকী প্ৰাৰ্থী। নলবাৰীৰ প্ৰাক্তন বিধায়ক তথা অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰি বিজেপিয়ে সমষ্টিটোত নামি পৰাৰ সমান্তৰালভাৱে কংগ্ৰেছে অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰদ্যুত কুমাৰ ভূঁঁঞাক প্ৰক্ষেপ কৰি সমষ্টিটো পুনৰ উদ্ধাৰ কৰিবলৈ ব্যাপক তৎপৰতা আৰম্ভ কৰিছে। ১৬ মাৰ্চত ঘগ্ৰাপাৰত বড়িগোগ বনভাগ ব্লক কংগ্ৰেছৰ অন্তৰ্গত ঘগ্ৰাপাৰ মণ্ডল কংগ্ৰেছৰ নিৰ্বাচনী পৰিচালনা সমিতিখন গঠন কৰাৰ বিপৰীতে সমষ্টিটোৰ অন্তৰ্গত দিহজাৰী গাঁও পঞ্চায়তত একেদিনাই ৫ খনকৈ পথ সভাত মহাজোঁটৰ প্ৰাৰ্থী প্ৰদ্যুত কুমাৰ ভূঁঁঞাই নিৰ্বাচনী প্ৰচাৰ চলায় ।কংগ্ৰেছ,বিপিএফ,চি পি এমকে ধৰি মহাজোঁটৰ আটাইবোৰ দলৰ নেতা-কৰ্মীৰ উপস্থিতিত চি পি আই (এম) নেতা প্ৰসন্ন মল্ল বৰুৱাক সভাপতি, জিতেন শৰ্মাক কাৰ্যকৰী সভাপতি, হবিবৰ ৰহমান,আৰু বৈকুণ্ঠ দাসক সম্পাদক হিচাপে লৈ নিৰ্বাচনী পৰিচালনা সমিতিখন গঠন কৰা হয়। ভুৱনেশ্বৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত চিপিআই(এম) জ্যেষ্ঠ নেতা ভুৱনেশ্বৰ শৰ্মাই নলবাৰী সমষ্টিটো মহাজোঁটৰ প্ৰাৰ্থীয়ে সমষ্টিটো উদ্ধাৰ কৰিব বুলি দাবী কৰি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ লগতে বিজেপি চৰকাৰৰ জন বিৰোধী নীতিক ক্ষুৰধাৰ সমালোচনা কৰে। সমষ্টিটোত মিত্ৰজোঁটৰ বিজেপি প্ৰাৰ্থীগৰাকী জয়ী হ'লে ৰাইজে পাঁচ বছৰ বিধায়কগৰাকীৰ ছাঁটোকে দেখিবলৈ নাপাব বুলি উল্লেখ কৰি জয়ন্ত মল্ল বৰুৱাৰ দৰে সুবিধাবাদী নেতাই ৰাইজৰ কি সমস্যা সমাধান কৰিব বুলিও প্ৰশ্ন উত্থাপন কৰে।ইফালে,সমষ্টিটোৰ ঘগ্ৰাপাৰ ব্লক কংগ্ৰেছৰ অন্তৰ্গত দিহজাৰী গাঁও পঞ্চায়তত মহাজোঁটৰ প্ৰাৰ্থী ভূঁঁঞাই মঙলবাৰে পাঁঁচখনকৈ পথ সভা অনুষ্ঠিত কৰি নিৰ্বাচনী প্ৰচাৰ চলায়। উক্ত সভাত প্ৰাৰ্থীগৰাকীক সংগ দিয়ে মহাজোঁটৰ অন্যতম অংশীদাৰ চিপিআই (এম) নেতা সনাতন বৈশ্যই।পথ সভাকেইখনত চিপিআই (এম) নেতাগৰাকীয়ে নিজ ভাষণত এইবেলি অসমত মহাজোঁটৰ চৰকাৰ হ'বই বুলি দাবী কৰি সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনক ক্ষুৰধাৰ সমালোচনা কৰে।পুৱা ৯ বজাৰ পৰা আৰম্ভ কৰা প্ৰতিখন পথ সভাতে ৰাইজৰ বিপুল সহাঁৰি লাভ কৰে পৰিলক্ষিত হয়। ইয়াৰে নীলপুৰত অনুষ্ঠিত পথ সভাখনত অঞ্চলটোৰ অৰ্ধশতাধিক বিজেপি কৰ্মীয়ে কংগ্ৰেছ দলত যোগদান কৰে।
- Log in to post comments
- 11 views