#বকোৰ পৰা বিষ্ণুৰাম দাস:
ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ আৱন্টিত অনুদানেৰে নৃত্য-গীত,নাটক,অভিনয়,কথাছবি তথা নাট-কলা প্ৰদৰ্শন উন্নয়ন বিভাগৰ উদ্যোগত আৰু "জিলমিল ডান্স এণ্ড এক্টিং ফ্ল'ৰ বকো"ৰ সহযোগত যোৱা ১২ মাৰ্চৰ পৰা চাৰিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছিল 'নাট কৰ্মশালা'ৰ। উল্লেখ্য যে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ সাংস্কৃতিক বিভাগৰ আৰ্থিক অনুদানেৰে অনুষ্ঠিত কৰা নাট কৰ্মশালাখনৰ বকোস্থিত চিলাৰায় ভৱনত আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিছিল পৰিষদৰ উপাধ্যক্ষ ৰমাকান্ত ৰাভাই। যোৱা ১২ মাৰ্চত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা নাট কৰ্মশালাৰ উদ্ধোধনী অনুষ্ঠানৰ আঁত ধৰে জিলমিল ডান্স এণ্ড এক্টিং ফ্ল'ৰৰ সাধাৰণ সম্পাদক মনোজ কুমাৰ দাসে।
বৃহত্তৰ অঞ্চলটোৰ শিল্পীসকলৰ লগতে শিল্পপ্ৰতিভা থকা প্ৰায় অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত নাট কৰ্মশালাৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকে ৰাজ্যৰ বিশিষ্ট ছবি পৰিচালক তথা নেচনেল স্কুল অব ড্ৰামা একাডেমিত প্ৰশিক্ষণপ্ৰাপ্ত শিল্পী হিমাংশু প্ৰসাদ দাস।বকোৰ যুৱ শিল্পী মনোজ কুমাৰ দাসৰ তৎপৰতাত আয়োজন কৰা নাট কৰ্মশালাখনৰ ১৫ মাৰ্চত অনুষ্ঠিত কৰা সামৰণি অনুষ্ঠানত উপস্থিত থাকে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা,পৰিষদৰ কাৰ্যবাহী সদস্য ক্ৰমে সুমিত ৰাভা,নগৰমল স্বৰ্গীয়াৰী,ফ্ৰাইলিন মাৰাক, জিলমিল ডান্স এণ্ড এক্টিং ফ্ল'ৰৰ উপদেষ্টা ড: গণেশ্বৰ চহৰীয়া,জ্যেষ্ঠ শিল্পী প্ৰহ্লাদ বড়ো,শিক্ষক তথা শিল্পী নিৰণ খাখলাৰী,কোচ ৰাজবংশী সন্মিলনীৰ গৌৰাঙ্গ চৌধুৰী,অৱসৰপ্ৰাপ্ত শিক্ষক জোনাথন মাৰাক,নিখিল ৰাভা ছাত্ৰ সন্থাৰ বকো আঞ্চলিক সমিতিৰ সম্পাদক দিব্য ৰাভা,কেইবাজনো বিশিষ্ট অতিথি, সমাজকৰ্মী,সাংবাদিক,কেইবাগৰাকী শিল্পী,বহুকেইগৰাকী অভিভাৱক।
উল্লেখ্য যে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ সাংস্কৃতিক বিভাগৰ পাৰিষদ ফ্ৰাইলিন মাৰাকৰ পৌৰহিত্যত অনুষ্ঠিত কৰে নাট কৰ্মশালাৰ সামৰণি অনুষ্ঠানৰ।
সামৰণি অনুষ্ঠানত উপস্থিত থাকি ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য টংকেশ্বৰ ৰাভাই ভাষণ প্ৰসংগত কয় যে বকোত আয়োজন কৰা নাট কৰ্মশালাখনৰ জড়িয়তে অঞ্চলটোত বহু শিল্পীৰ সৃষ্টি হ'ব আৰু নাট্যকাৰ- অভিনেতাৰ প্ৰতিভা বিকাশ হ'ব।অনুষ্ঠানত সুমিত ৰাভা,নগমমল স্বৰ্গীয়াৰী,ড: গণেশ্বৰ চহৰীয়াই নাটকৰ জৰিয়তে সমাজ সংস্কাৰৰ আন্দোলন গঢ়ি তুলিব পাৰি বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়।কৰ্মশালাখনৰ জড়িয়তে নতুন প্ৰজন্মক শিল্পী হিচাপে গঢ়িবলৈ চেষ্টা কৰা হৈছে বুলি জানিবলৈ দিয়ে কেইবাজনো অভিভাৱক -অভিভাৱিকাই।নাট কৰ্মশালাৰ সামৰণিত প্ৰশিক্ষাৰ্থীসকলক প্ৰমাণপত্ৰ প্ৰদান কৰা হয়।
- Log in to post comments
- 16 views