হাজোৰ বুল্লুট কাণ্ড:গুৰুতৰভাৱে আহতৰ মৃত্যুক লৈ উত্তপ্ত হাজোৰ শনিয়াদি

Pic

*মৃতদেহ সন্মুখত লৈ পথ অৱৰোধ*

#বিশেষ প্ৰতিবেদক,হাজো,১৫মাৰ্চ: 

উত্তপ্ত হৈ পৰিছে হাজোৰ শনিয়াদি।হাজো আৰক্ষী থানাৰ অন্তৰ্গত বুল্লুট বজাৰত কালি বিয়লি প্ৰায় পাঁচ বজাত পাঁচজনীয়া দুৰ্বৃত্তৰ দ্বাৰা সংঘটিত এটা গুলীচালনাৰ ঘটনাক্ৰমে প্ৰতিপক্ষৰ আক্ৰমণত গুৰুতৰভাৱে আহত চামচুল হক নামৰ যুৱকজনৰ জিএমচিএইচত কালি নিশা মৃত্যু হোৱাৰ পিছতে উদ্ভৱ হৈছে এনে পৰিস্থিতিৰ।উল্লেখ্য যে কালি বিয়লি হাজোৰ বুল্লুটত সংঘটিত দুৰ্বৃত্তৰ গুলীচালনাত গুৰুতৰভাৱে আহত হৈছিল হাজোৰ খোপনিকুছিৰ নাছিৰুদ্দিনৰ পুত্ৰ বাক্কাৰ আলী(৪৩)নামৰ এজন ব্যৱসায়ী। ঘটনা সন্দৰ্ভত আৰক্ষী সূত্ৰে জানিব পৰা মতে,কেইদিনমান পূৰ্বে হাজোৰ কোঁৱৰপুৰ অঞ্চলৰ কেইটামান দুৰ্বৃত্তই খোপনিকুছিৰ ব্যৱসায়ী বাক্কাৰ আলীক ধন দাবী কৰিছিল। সেই মতে কালি বিয়লিৰ ভাগত দুৰ্বৃত্তৰ দলটোৱে দাবী কৰা ধন নিবলৈ ব্যৱসায়ী বাক্কাৰ আলীৰ ব্যৱসায় প্ৰতিষ্ঠান বুল্লুট বজাৰত উপস্থিত হয়।প্ৰায় পাঁচজনীয়া দুৰ্বৃত্তৰ দলটোৱে দাবী কৰা ধন বাক্কাৰ আলীয়ে দিবলৈ অমান্তি হোৱাত দুৰ্বৃত্তৰ দলটোৰ সৈতে তৰ্কাতৰ্কি লাগে। সেই মুহূৰ্ততে দুৰ্বৃত্তৰ দলটোৱে ব্যৱসায়ীজনলৈ লক্ষ্য কৰি গুলীচালনা কৰে।সৌভাগ্যক্ৰমে ব্যৱসায়ীজনৰ বাঁঁও ভৰিত গুলী লগা স্বত্বেও ওলোটাই দুৰ্বৃত্তৰ দলটোৰ চামচুল হক নামৰ যুৱক জনক দাৰে ঘপিয়াই আহত কৰে। ততালিকে অঞ্চলটোত হাহাকাৰ লাগে আৰু গুৰুতৰভাৱে আহত দুয়োজনকে স্থানীয় ৰাইজে ১০৮ এম্বুলেঞ্চৰে হাজোৰ এফ আৰ ইউত ভৰ্তি কৰে যদিও অৱস্থা গুৰুতৰ হোৱাত দুয়োজনকে উন্নত চিকিৎসাৰ বাবে জি এম চি এইলৈ  প্ৰেৰণ কৰে।কিন্তু জি এম চি এইচত  চিকিৎসাধীন অৱস্থাতে কালি নিশা চামচুল হকৰ মৃত্যু হয়। ইফালে,মৰণোত্তৰ পৰীক্ষাৰ পাছত আজি বিয়লি পাঁচ বজাত চামচুল হকৰ মৃতদেহ হাজোৰ শনিয়াদি আহি পোৱা মাত্ৰকে একাংশ ৰাইজ উত্তেজিত  হৈ পৰে।

 

উত্তেজিত ৰাইজে হাজো-মুকালমুৱা-বৰপেটা পথৰ শনিয়াদিত  চামচুল হকৰ মৃতদেহ সন্মুখত লৈ এঘণ্টা জুৰি পথটো অৱৰোধ কৰে আৰু "পূৰ্ববঙ্গীয় মুছলমানৰ দপদপনি নচলিব","চামচুল হত্যাৰ ন্যায় দিয়ক","হত্যাকাৰীক ফাঁচী দিয়ক","হত্যাকাৰীক গ্ৰেপ্তাৰ কৰক আদি ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে।পথ অৱৰোধৰ ফলত পথটোত অযথা যান-জঁটৰ সৃষ্টি হয় । খবৰ পোৱা মাত্ৰকে হাজো আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হোৱাত উত্তেজিত ৰাইজে আৰক্ষীৰ সন্মুখতে "আৰক্ষী-প্ৰশাসন মূর্দাবাদ" ধ্বনিৰে পুনৰ মনৰ ক্ষোভ উজাৰি পৰিৱেশ উত্তপ্ত কৰি তোলে ।এনে পৰিস্থিতিত কিছু সময় পাছতে ঘটনাস্থলীত উপস্থিত হোৱা কামৰূপ জিলা আৰক্ষী-প্ৰশাসনৰ হস্তক্ষেপতহে পথ অৱৰোধ উঠাই লোৱাত কোনোমতে উত্তপ্ত পৰিস্থিতিৰ শাম কাটে।

Your Comments