হাজোৰ দমদমাত উত্তৰ-পূব কথক মহোৎসৱ সম্পন্ন

Pic

*নৃত্যাংগনে এদিন অসমত এক শক্তিশালী সাংস্কৃতিক আন্দোলনৰ নেতৃত্ব ল'ব*

#বিশেষ প্ৰতিবেদক,হাজো,১৫ মাৰ্চঃ

কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত দমদমাত আন্তঃৰাষ্ট্ৰীয় কথক শিল্পী হেমন্ত কুমাৰ কলিতাই  প্ৰতিষ্ঠা কৰা কথক নৃত্যৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান 'নৃত্যাংগন'ৰ উদ্যোগত উত্তৰ-পূব কথক মহোৎসৱ যোৱা ১৪ মাৰ্চত সম্পন্ন হয়। অনুষ্ঠানত দিল্লী, নয়ডাকে ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ ভালেসংখ্যক আগশাৰীৰ কথক নৃত্য শিল্পীয়ে কথক নৃত্য আৰু সত্ৰীয়া নৃত্য পৰিৱেশন কৰে।সমাৰোহত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন কথক শিল্পী হেমন্ত কুমাৰ কলিতা, দিল্লীৰ প্ৰভা ডুবে, শ্ৰেয়া বাজপেয়ী, গুৱাহাটীৰ ৰেণু প্ৰসাদ আদি শিল্পীয়ে কথক নৃত্য পৰিৱেশন কৰি উপস্থিত দৰ্শকক আপ্লুত কৰে।এই মহোৎসৱতেই  প্ৰসিদ্ধ সত্ৰীয়া শিল্পী ৰসেশ্বৰ বৰবায়নৰ কন্যা ৰিঞ্জুমণি শইকীয়া,মধুমাখিকা চৌধুৰীয়ে সত্ৰীয়া নৃত্য পৰিবেশন  কৰে।১৪ মাৰ্চৰ সন্ধিয়া নৃত্যাংগনত বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে উত্তৰ-পূব কথক মহোৎসৱৰ আৰম্ভণি কৰে বিশিষ্ট সমাজকৰ্মী পুষ্পলতা কলিতাই।

Pic

অনুষ্ঠানত কামৰূপৰ উপায়ুক্ত কৈলাস কাৰ্তিক এন,লেখক সাংবাদিক পৰেশ বৈশ্য,বিশিষ্ট লেখক থানেশ্বৰ মালাকাৰ আৰু কুলহাটী গাঁও উন্নয়ন সমিতিৰ সভাপতি মনমোহন দাসে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।সভাত ভাষণ প্ৰদান কৰি কামৰূপৰ উপায়ুক্ত কৈলাস কাৰ্তিক এনে কয় যে হেমন্ত কুমাৰ কলিতাৰ দৰে এজন আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন কথক নৃত্যৰ শিল্পীয়ে কামৰূপৰ গ্ৰামাঞ্চলৰ নতুন প্ৰজন্মৰ বাবে নৃত্যাংগন নামৰ উন্নত মানৰ কথক নৃত্যৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান এটা আৰম্ভ কৰাটো জিলাখনৰ বাবে এক ইতিবাচক খবৰ।তেওঁ গ্ৰামাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলক এই সুযোগ গ্ৰহণ কৰিবলৈ তেওঁ আহ্বান জনায়।সভাত ভাষণ প্ৰদান কৰি বিশিষ্ট লেখক থানেশ্বৰ মালাকাৰে কয় যে নৃত্যাংগনে এদিন অসমত এক শক্তিশালী সাংস্কৃতিক আন্দোলনৰ নেতৃত্ব ল'ব।হাজো অঞ্চলে হেমন্ত কুমাৰ কলিতাৰ দৰে এজন আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন কথক নৃত্যৰ শিল্পী পোৱাটো পৰম সন্তোষৰ কথা।সভাত ভাষণ প্ৰসংগত বিশিষ্ট শিক্ষাবিদ তথা দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ পৰেশ বৈশ্যই কয় যে গ্ৰামাঞ্চলত হেমন্ত কুমাৰ কলিতাই উত্তৰ-পূব কথক মহোৎসৱৰ আয়োজন কৰি এক মহৎ কাম কৰিছে। ই গ্ৰামাঞ্চলৰ লোকক কথক নৃত্যৰ প্ৰতি আকৃষ্ট কৰাত বিশেষ অৰিহণা যোগাব।এই অনুষ্ঠানতেই  মহোৎসৱৰ উদ্যোক্তাসকলে দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ পৰেশ বৈশ্যক চেলেং চাদৰ, মানপত্ৰ আৰু এটি ট্ৰফীৰে ৰাজহুৱা ভাবে সম্বৰ্ধনা জনায়। শিক্ষাৰ উত্তৰণ আৰু সামাজিক পৰিৱৰ্তনৰ হকে আগবঢ়োৱা বিশিষ্ট সেৱাৰ বাবে তেওঁক এই সম্বৰ্ধনা জনায়। মহোৎসৱৰ অন্যতম আয়োজক  বিশিষ্ট কথক শিল্পী হেমন্ত কুমাৰ কলিতাই অনুষ্ঠানত ভাষণ প্ৰদান কৰি কয় যে দমদমাত স্থাপন কৰা নৃত্যাংগনত কথক নৃত্যৰ উপৰিও সত্ৰীয়া নৃত্য,যোগ শিক্ষাৰ ব্যৱস্থা কৰা হৈছে।দেশ-বিদেশত খ্যাতি অৰ্জন কৰা শিল্পীয়ে এই অনুষ্ঠানত প্ৰশিক্ষক হিচাপে সেৱা আগবঢ়াব। অনুষ্ঠানত নৃত্যাংগনৰ সভাপতি প্ৰশান্ত কুমাৰ কলিতাই উত্তৰ-পূব কথক মহোৎসৱ সম্পন্ন হোৱাত সহায় কৰা সংশ্লিষ্ট সকলোকে ধন্যবাদ জ্ঞাপন কৰে। উল্লেখযোগ্য যে এইবাৰৰ কথক মহোৎসৱ সাফল্যমণ্ডিত কৰাত অইল ইণ্ডিয়া লিমিটেডে পৃষ্ঠপোষকতা কৰে।

 

Your Comments