১৪ মাৰ্চত হাজোৰ বুল্লুত বজাৰত গুলীচালনাৰ ঘটনা সংঘটিত হয় । ঘটনাৰ বিৱৰণ অনুসৰি, বাক্কাছ আলী নামৰ এজন কাপোৰৰ ব্যৱসায়ীক তেওঁৰ দোকানত সোমাই গুলীচালনা কৰি হত্যাৰ চেষ্টা চলাইছিল অচিনাক্ত দুৰ্বৃত্তৰ দলটোৱে ৷
জানিব পৰা অনুসৰি, উক্ত ঘটনাত ৫ দুৰ্বৃত্ত জড়িত ৷ ক’লা ৰঙৰ এখন চাৰিচকীয়া বাহনত আহিছিল দুৰ্বৃত্তৰ দলটো। দোকানৰ ভিতৰতে ব্যৱসায়ীজনক গুলীয়াই পলায়ন কৰে দুৰ্বৃত্তৰ দলটো । আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত আইনী তদন্ত আৰম্ভ কৰিছে ৷
- Log in to post comments
- 13 views