কামৰূপ জিলা আক্ৰাছুৰ উদ্যোগত কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ বিষয়ববীয়াক ঊষ্ম সম্ভাষণ

Pic

বকোৰ পৰা বিষ্ণুৰাম দাস:

ৰাজ্য চৰকাৰৰ তৎপৰতাত অসমৰ ভূমিপুত্ৰ কোচ ৰাজবংশী জনগোষ্ঠী লোকসকলৰ স্বঅধিকাৰৰ প্ৰতীক সদ্য ঘোষিত কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ,উপাধ্যক্ষ,মুখ্য কাৰ্য্যবাহী,কাৰ্য্যবাহী সদস্য,সাধাৰণ সদস্যসকলৰ উপৰিও পৰিষদৰ বিষয়ববীয়াসকলক ১৪ মাৰ্চত ঊষ্ম সম্ভাষণ জনায় সদৌ কামৰূপ জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাই।দেওবাৰে কামৰূপ জিলাৰ আমিনগাঁৱত কামৰূপ জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত আৰু আমিনগাঁও কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সহযোগত অনুষ্ঠিত কৰে এটা সম্বৰ্ধনা অনুষ্ঠানৰ।আমিনগাঁৱৰ যুৱ বিকাশ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত  কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য গকুল বৰ্মন,কাৰ্য্যবাহী সদস্য গোলাপ পাঠক,কাৰ্তিক ৰায়,প্ৰণৱ জ্যোতি বৰ্মণকে ধৰি বহু কেইজন সদস্যৰ লগতে কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াক ঊষ্ম সম্ভাষণ জনায়। উত্তৰ কামৰূপ জিলা অন্যান্য পিছ পৰা শ্ৰেণী সন্মিলনীৰ সভাপতি বসন্ত কুমাৰৰ পৌৰোহিত্যত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকি কোচ ৰাজবংশী জনগোষ্ঠীৰ ভিন্ন সমস্যা সন্দৰ্ভত আলোকপাত কৰে কোচ ৰাজবংশী সন্মিলনীৰ কৰ্মী ইন্দ্ৰজিৎ বৰ্মন,জিলা আক্ৰাছুৰ উপদেষ্টা তথা আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি ভৰত ৰাজবংশী,কৰ্মচাৰী পৰিষদৰ সভাপতি ৰমণী ৰাজবংশী,সাংবাদিক দিলীপ দাস,সমাজকৰ্মী গণেশ দাস,গোপাল ৰয়,সদৌ কামৰূপ জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সম্পাদক কৰুণা দাসে।জ্যেষ্ঠ কোচ ৰাজবংশী সমাজকৰ্মী ভৰত ৰাজবংশী, কামৰূপ জিলাৰ বকোৰ কোচ ৰাজবংশী যুৱ কৰ্মী অনুপম দাস,বকোৰ আক্ৰাছুৰ সভাপতি গকৰ্ণ দাসকে ধৰি বহু লোক উপস্থিত থকা অনুষ্ঠানটোৰ আঁত ধৰে আমিনগাঁও কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি কৌশিক দাসে।উল্লেখ্য যে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰখন অসমৰ ভূমিপুত্ৰ কোচ ৰাজবংশী সকলোৰ পূৰ্বৰ কমতাপুৰ ৰাজ্য হওক বুলি গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায় গকুল বৰ্মনে।

  

Your Comments