#বঙাইগাঁৱৰ প্ৰতিবেদক:
অহা ৬ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া ৩২ নং বঙাইগাঁও বিধানসভা সমষ্টিৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে নিৰ্বাচন আয়োগে নিয়োজিত কৰা নিৰ্বাচনী ব্যয় পৰ্যবেক্ষক চাটে পাণ্ডুৰংগ ইতিমধ্যে বঙাইগাঁৱত উপস্থিত হৈছে। নিৰ্বাচনী ব্যয় পৰ্যবেক্ষকগৰাকী ১১ মাৰ্চত বঙাইগাঁৱত উপস্থিত হোৱাৰ পিচত শুকুৰবাৰে নিউ বঙাইগাঁৱৰ ভাওলাগুৰিস্থিত নগৰীয়া স্বাস্থ্য কেন্দ্ৰত বঙাইগাঁও জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ উপস্থিতিত ক'ভিড-১৯ ভেকচিন গ্ৰহণ কৰে।নিৰ্বাচনী ব্যয় পৰ্যবেক্ষকগৰাকী জিলাখনত উপস্থিত হৈ জিলা নিৰ্বাচনী বিষয়া তথা জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াৰ লগতে নিৰ্বাচনৰ কাম-কাজ সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে গঠন কৰা নিৰ্বাচনী কোষসমূহৰ বিষয়াসকলৰ সৈতে বাৰ্তালাপ কৰে।
উল্লেখ্য যে বিধানসভা নিৰ্বাচন সম্পৰ্কীয় ব্যয় বা নিৰ্বাচনী আচৰণবিধি সন্দৰ্ভত ওজৰ-আপত্তি থাকিলে জনসাধাৰণে তেওঁক মোবাইল নম্বৰ 9394197109 আৰু observercellbngn32lac @gmail.com. ইমেইলত জনাব পাৰিব৷
- Log in to post comments
- 13 views