#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:
অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ৪৩ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে ১২ মাৰ্চত সংগঠনটোৰ নলবাৰী জিলা সমিতিয়ে পূব নামদোঙাবাসী ৰাইজৰ সহযোগত শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ কৰে।
স্বাধীনতাৰ ৭৪ বছৰৰ পিছতো নলবাৰী চহৰৰ নাতি দূৰৈত অৱস্থিত পূব নামদোঙা গাঁঁৱৰ যাতায়তৰ একমাত্ৰ পথটোত আজিলৈকে চৰকাৰীভাৱে এচপৰা মাটিও নপৰাত ৰাইজে নৰক যাতনা ভুগিব লগীয়া হৈছে। উল্লেখযোগ্য যে উক্ত অঞ্চলত বাৰিষাৰ সময়ত এম্বুলেন্স সেৱা, অগ্নিনিৰ্বাপক বাহিনীৰ সেৱা আদিকে ধৰি জৰুৰী সেৱাৰ পৰাও স্থানীয় ৰাইজ বঞ্চিত হ'বলগীয়া হোৱাত ৰাইজৰ দুখ কুলাই পাচিয়ে নধৰা হৈছে।চৰকাৰী এই বঞ্চনাৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে স্থানীয় ৰাইজৰ সহযোগত দুৰ্গম পথচোৱা মেৰামতি কৰি ৰাজ্য চৰকাৰ তথা পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰে। যুৱ- ছাত্র পৰিষদৰ নলবাৰী জিলা সমিতিৰ সভাপতি পাৰ্থপ্ৰতীম শৰ্মা আৰু সাধাৰণ সম্পাদক কৌশিক বৰ্মনৰ নেতৃত্বত উক্ত শ্ৰমদান কাৰ্যসূচীত দুই শতাধিক পুৰুষ- মহিলাকে ধৰি সৰ্বস্তৰৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰে।এই শ্ৰমদান কাৰ্যসূচীতেই বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত অঞ্চলটোৰ ৰাইজে সমাগত বিধানসভা নিৰ্বাচনত ভোট বৰ্জন কৰাৰ কথাও সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰি নিজৰ ক্ষোভ উজাৰে।
যুৱ- ছাত্র পৰিষদৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ৰূপায়ণ কৰা শ্ৰমদান কাৰ্যসূচীত সংগঠনটোৰ নলবাৰী জিলা সমিতিৰ যুটীয়া সম্পাদক প্ৰাঞ্জল কলিতা,সাংস্কৃতিক সম্পাদক ধীৰাজ কলিতা, সমাজ সেৱা সম্পাদক নয়ন মনি কলিতা পূব নলবাৰী আঞ্চলিক সমিতিৰ সাঃসম্পাদক নৱজিৎ কলিতা,নলবাৰী চহৰ সমিতিৰ ভাস্কৰ জ্যোতি বৰ্মন, উদীপ্ত দাস, দ্বীপজ্যোতি মানৱ,বৰক্ষেত্ৰী চৰ আঞ্চলিক সমিতিৰ সভাপতি চাদ্দাম হুছেইনসহ ভালে সংখ্যক বিষয়ববীয়া উপস্থিত থাকি আগন্তুক দিনত বিভাগীয় কৰ্তৃপক্ষক পূব নামদোঙাবাসীৰ মৰ্মবেদনা উপলব্ধি কৰি পথচোৱা নিৰ্মাণৰ দাবী জনায়।
- Log in to post comments
- 7 views