নলবাৰী জিলাৰ ঐতিহাসিক কঠালবাৰী কদমতলাত বিগত বছৰৰ দৰে এইবেলিও ১১ মার্চ,বৃহস্পতিবাৰে ১১ সংখ্যক বাৰ্ষিক শ্ৰীশ্ৰীশিৱ পূজা উদযাপন কৰা হয়।পূজা উদযাপন সমিতিৰ জোনটি ৰাজবংশীয়ে পূজাৰ ধৰ্মধ্বজা উত্তোলন কৰাৰ পিছত বিভিন্ন খেল-ধেমালি প্ৰতিযোগিতা,আয়তীৰ নাম আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।
নিমন্ত্রিত অতিথি হিচাপে উপস্থিত আছিল বিশিষ্ট শিল্পী মহেন্দ্ৰ হাজৰিকা আৰু প্ৰাৰ্থনা বৰঠাকুৰ।বিশিষ্ট কবি-সাহিত্যিক,সমাজসেৱী মনীষা শৰ্মাই সন্ধিয়া বন্তি প্ৰজ্বলন কৰাৰ পিছতে আৰম্ভ হয় পূজাৰ মাংগলিক কাৰ্য।
- Log in to post comments
- 23 views