ঘগ্ৰাপাৰত চিলনী চোৰৰ বাইকৰ খুন্দাত এজন আহত

*ৰাইজে কৰায়ত্ব কৰিলে এটা চিলনী চোৰক*

#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,১২ মাৰ্চঃ

 নলবাৰী জিলাৰ ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিলপাৰ (আমৰতল)চ'কত আজি দুপৰীয়া দুই মান বজাত চিলনী চোৰৰ বাইকৰ প্ৰচণ্ড খুন্দাত এগৰাকী যুৱক গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হৈ সম্প্ৰতি চিকিৎসালয়ত ভৰ্তি হৈ আছে।জানিব পৰা মতে আজি দুপৰীয়া নলবাৰীৰ জাজিয়াবাৰী চ'কৰ পৰা  AS 01E B 2331 নম্বৰ পালছাৰ বাইক এখনৰে অহা দুইগৰাকী যুৱকে উক্ত চ'কত ৰৈ থকা বনভাগ ঘোঁহকুছি হাইস্কুল স্কুলৰ কৰ্মচাৰী সবিতা বৰদলৈ (বৰ্মণ)ৰ ডিঙিৰ পৰা এডাল সোণৰ চেইন কাঢ়ি ৰঙিয়া অভিমুখে গমন কৰে।লগে লগে মহিলাগৰাকীয়ে চোৰৰ বুলি চিঞৰি দিয়াত চ'কত ৰৈয় থকা অন্য দুগৰাকী যুৱকে বাইকৰে পিছে পিছে চোৰ চোৰ বুলি খেদি অহাৰ সময়তে বিলপাৰৰ আমৰ তল চ'কত চিলনী চোৰ দুয়োগৰাকীয়ে বিলপাৰ গাঁৱৰ ভৱীন ডেকাৰ পুত্ৰ ৰূপজ‍্যোতি ডেকা (১৮)পথৰ দাঁতিত থিয় হৈ থাকোতে প্ৰচণ্ড খুন্দা মাৰে।যাৰ ফলত ৰূপজ‍্যোতি ভৰি,হাত আৰু বুকুত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ গুৱাহাটীত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে।

Pic

ইপিনে,চিলনী চোৰ দুটাই ৰূপজ‍্যোতিক বাইকৰে খুন্দা মাৰি পথত বাগৰি পৰি পলাবলৈ চেষ্টা কৰে যদিও ৰাইজে এজনক কৰায়ত্ব কৰি ঘগ্ৰাপাৰ আৰক্ষীক গতাই দিয়ে।আন এটা চিলনী চোৰ পলাই যাবলৈ সক্ষম হয়।ধৃত চোৰটোক ৰঙিয়া থানাৰ অন্তৰ্গত কাছাৰী শ'লমাৰীৰ চমছেৰ আলী পুত্ৰ ৰাজু আলী (২১) বুলি জানিব পৰা গৈছে।

Your Comments