চিৰাঙত মাৰণাস্ত্ৰ উদ্ধাৰ 

Pic

#বঙাইগাঁৱৰ প্ৰতিবেদক:

চিৰাং জিলাৰ ভাৰত-ভূটান সীমন্তৱৰ্তী চিৰাং ৰিজাৰ্ভ ফৰেষ্টৰ পৰা ১০ মার্চৰ পুৱা আৰক্ষীৰ অভিযানত গাঁতত পুতি থোৱা অৱস্থাত বৃহৎ পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ উদ্ধাৰ কৰা হয় ৷ এই অভিযান সন্দৰ্ভত কাজলগাঁওস্থিত আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদ মেলত বিশেষ আৰক্ষী সঞ্চালক প্ৰধান তথা বিটিএডিৰ আৰক্ষী মহাপৰিদৰ্শক ডঃ এল আৰ বিষ্ণুইয়ে প্ৰকাশ কৰা মতে এক গোপন খবৰৰ ভিত্তিত ৰুণীখাতাৰ চক্ৰ আৰক্ষী বিষয়া আৰু ৰুণীখাতা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ সহযোগত চিৰাং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধিৰ নেতৃত্বত চলোৱা অভিযানৰ সময়ত পুৱা ৬ বজাত জিলাখনৰ ভাৰত-ভূটান সীমান্তৰ চিৰাং ৰিজাৰ্ভ ফৰেষ্টৰ অন্তৰ্গত ৩ নং ওদালগুৰী গাঁৱত  হাবিৰ মাজত গাঁতত প্লাষ্টিকেৰে মেৰিয়াই পুতি থোৱা অবস্থাত মাৰণাস্ত্ৰখিনি উদ্ধাৰ কৰা হয়।

Pic

আৰক্ষীৰ অভিযানত মেগজিনসহ ১ টা এ কে ছিৰিজৰ ৰাইফল,মেগজিন সহ ১ টা নাইন এম এম পিষ্টল,মেগজিনসহ ২ টা ৭.৬৫ এম এম পিষ্টল,৯০ জাঁই এ কে ছিৰিজৰ সজীৱ গুলী, ৫ জাঁই নাইন এম এম পিষ্টলৰ সঁজীৱ গুলী  আৰু  ৩ জাঁই ৭.৬৫ এম এম পিষ্টলৰ সজীৱ গুলী উদ্ধাৰ কৰা বুলি বিশেষ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে সদৰি কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে ৰুণীখাতা থানাত এটি গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। উক্ত এলেকাত এসময়ত এনডিএফবি কেডাৰৰ বিচৰণৰ প্ৰতি লক্ষ্য ৰাখি উদ্ধাৰ হোৱা মাৰণাস্ত্ৰখিনি সংগঠনটোৰেই হ’ব পাৰে বুলি সন্দেহ কৰা হৈছে।উল্লেখ্য যে চলিত বছৰৰ ৫ ফেব্ৰুৱাৰী আৰু ১২ ফেব্ৰুৱাৰীত চিৰাং জিলাৰ ভাৰত -ভূটান সীমান্ত অঞ্চলত চলোৱা অভিযানত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল।সংবাদ মেলত চিৰাং জিলাৰ আৰক্ষী অধীক্ষক সুধাকৰ সিং আৰু জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকী উপস্থিত আছিল৷ 

 

Your Comments