#বঙাইগাঁৱৰ প্ৰতিবেদক:
অসম বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাত ৩২ নং বঙাইগাঁও বিধানসভা সমষ্টিত নিৰ্বাচনী দলসমূহৰ মাজত তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷একেদৰে সংখ্যা বৃদ্ধি পাইছে এটা ৰাজনৈতিক দল ত্যাগ কৰি আন এটা ৰাজনৈতিক দলত যোগদান কৰা কৰ্মী-সমৰ্থকৰো৷ইয়াৰ মাজতে ৯ মার্চত বঙাইগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন অঞ্চলৰ শতাধিক অগপ কৰ্মী-সমৰ্থকে অগপ দল ত্যাগ কৰি অসম জাতীয় পৰিষদত যোগদান কৰে ৷ এই উপলক্ষে বঙাইগাঁও চহৰৰ ভাকাৰিভিটাস্থিত দলটোৰ মুখ্য কাৰ্যালয়ত এটা যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ৷ বঙাইগাঁও সমষ্টি সমিতিৰ সভাপতি কৈলাশ পাঠকৰ সভাপতিত্বত অনুষ্ঠিত যোগদান কাৰ্যসূচীত দলটোৰ প্ৰক্ষেপিত প্ৰাৰ্থী দীপু চৌধুৰী,জিলা সমিতিৰ সভাপতি কুসুম্বৰ ৰায়,সমষ্টি সমিতিৰ সম্পাদক বিনয় ৰায় আদিৰ উপস্থিতিত সমষ্টিটোৰ অন্তৰ্গত বিদ্যাপুৰ,চিকিবিকি,কাকাৰাগাঁও,বামুণীটিলা, খাৰিজা দোলাইগাঁও আদিৰ লগতে বঙাইগাঁও চহৰৰ বিভিন্ন ৱাৰ্ডৰ শতাধিক অগপ কৰ্মী- সমৰ্থকে অসম জাতীয় পৰিষদত আনুষ্ঠানিকভাৱে যোগদান কৰে।দলটোত যোগদান কৰাসকলক গামোচাৰে আদৰণি জনায়।ইপিনে,যোগদান কাৰ্যসূচীত উপস্থিত থকা দলটোৰ প্ৰাৰ্থী দীপু চৌধুৰীয়ে নিজৰ বক্তব্যত কয় যে বঙাইগাঁও সমষ্টিত এতিয়াও হাজাৰ হাজাৰ লোকৰ ভূমি পট্টা নাই।বিভিন্ন চৰকাৰী ভূমি,খাজ মাটি থকা ৰাজহুৱা স্থানত ঘৰ সাজি বসবাস কৰি আছে ৷ চৰকাৰে লাখ লাখ ভূমিহীন লোকক মাটিৰ পট্টা প্ৰদান কৰা বুলি কৈ আহিছে যদিও বঙাইগাঁৱত বহু ভূমিহীন লোকে আজিও মাটিৰ পট্টা পোৱা নাই।সেইদৰে বঙাইগাঁৱৰ কৃষিভূমিত আজিও জলসিঞ্চনৰ সুব্যৱস্থা গঢ়ি নুঠিল।বৰষুণৰ ওপৰতে কৃষকে নিৰ্ভৰ কৰি থাকিবলগীয়া হোৱাৰ বাবে বহুতে খেতি কৰাই বাদ দিলে ৷ বঙাইগাঁও চহৰত দিনে দিনে যান-বাহনৰ সংখ্যা তথা ভীৰ বৃদ্ধি পাইছে যদিও আজিলৈকে দুটা উপ পথ নহ'ল।চহৰখনৰ উন্নয়নৰ কাৰণে একো ব্যৱস্থা কৰা নহ'ল।বিগত ৩৫ টা বছৰে বঙাইগাঁও জিলাত নতুন উদ্যোগ স্থাপন হোৱাটো দূৰৰে কথা বৰং জিলাখনৰ যোগীঘোপাত থকা অশোক কাগজ কলটো ধ্বংস কৰা হ'ল।বইটাৰী সূতা কল,মাণিকপুৰ সূতা কল ধ্বংস হ'ল ৷ নিউ বঙাইগাঁৱত থকা এলপিজি বটলিং প্লানটো উঠি গ'ল , ষ্টিল অথৰিটী উঠি গ'ল ৷ এফচিআইৰ লোডিং-আনলোডিং উঠি গ'ল ৷ গতিকে, শ্ৰমিক শ্ৰেণীৰ মানুহখিনিয়ে ক'ত কাম কৰিব ? শিক্ষিত যুৱকসকলে সংস্থাপন পোৱা নাই ৷ দুখীয়া লোকৰ আঁচনিসমূহ প্ৰকৃত দুখীয়া লোকে পোৱা নাই ৷ গতিকে বহু সমস্যা আছে ৷ সেয়ে এই সমস্যাসমূহ সমাধান কৰি বঙাইগাঁও সমষ্টিটোত নতুন উন্নয়নৰ গতিৰে আগবঢ়াই নিয়াৰ বাবে প্ৰাৰ্থীগৰাকায়ে সকলোৰে ওচৰত সহায় - সযোগিতা বিচাৰে ৷ আনহাতে, দলটোত যোগদান কৰা অগপ দলৰ প্ৰাক্তন ৱাৰ্ড কমিচনাৰ এগৰাকীয়ে কয় যে সদায় এটা দলৰ প্ৰাৰ্থীকে সমৰ্থন কৰিব নোৱাৰি ৷ নতুন ব্যক্তি হ'ব লাগে ৷ লগতে জাতীয় পৰিষদৰ প্ৰাৰ্থীগৰাকীয়ে সকলো সময়তে সহায় কৰি আহিছে ৷ সেয়ে অগপ দল বাদ দি এই দলটোত যোগদান কৰিছো ৷ আনহাতে বিদ্যাপুৰ শিবিৰৰ পৰেশ চন্দ্ৰ বৰ্মনে কয় যে উত্তৰ অঞ্চলত যি বড়ো আন্দোলন হৈছিল সেই সময়ত আমি শৰণাৰ্থী হ'লো আৰু বিগত ৩০ টা বছৰে বিদ্যাপুৰ শিবিৰত থাকিলো ৷ কিন্তু আমাক অগপ বিধায়কগৰাকীয়ে থকা মাটিৰ পট্টাও কৰি নিদিলে ৷ গতিকে তেওঁৰ মুখ চাই থাকি আমাৰ লাভ নাই ৷ আমি বড়োলেণ্ড আন্দোলনত উগ্ৰপন্থীৰ বলি হৈ ঘৰ-বাৰী এৰি আহি শৰণাৰ্থী হ'বলগীয়া হৈছিল যদিও বিধায়কগৰাকীয়ে আমাক সজালে নদী ভহনীয়াহে ৷ নদী ভগনীয়া বুলি আমাক আধা বিঘাকৈ মাটি দি সংস্থাপন দিলে যদিও সেই মাটিৰ পট্টা প্ৰদান নকৰিলে ৷ চকুলো টুকি থাকিবলগীয়া হৈছে ৷ সেয়ে অগপ দল ত্যাগ কৰি এই দলত যোগদান কৰিছো ৷ সেইদৰে অৰুণী দেৱী নামৰ মহিলাগৰাকীয়ে অগপ দলৰ বিধায়কগৰাকীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি কয় যে ফণীভূষণ চৌধুৰীক ইমান বছৰে ভোট দি আহিছো যদিও আমি একো সুবিধা নাপালো ৷ ল'ৰা-ছোৱালীৰ কোনো সংস্থাপনৰ ব্যৱস্থা নহ'ল ৷ আনকি লকডাউনৰ সময়ত বহু অসুবিধা ভোগ কৰিবলগীয়া হৈছিল যদিও কোনো সহায় নাপালো ৷ এন আৰ চিৰ সময়ত এটা চহী আনিবলৈ গৈয়ো বিমূখ হ'বলগীয়া হৈছিল ৷ ইয়াৰ পৰিৱৰ্তে যি কোনো বিপদৰ সময়তে আমাক দীপু চৌধুৰীয়ে পূৰ্বৰে পৰা সহায় কৰি আহিছে ৷ বিধায়কগৰাকীৰ পিচত পোন্ধৰো বছৰ লাগি থাকোতেই গ'ল ৷উল্লেখ্য যে দীপু চৌধুৰী অগপ দলৰ এগৰাকী জ্যেষ্ঠ নেতা আছিল যদিও শেহতীয়াকৈ অগপ দল ত্যাগ কৰি অসম জাতীয় পৰিষদত যোগদান কৰি এইবাৰ দলটোৰ পৰা প্ৰাৰ্থী হিচাপে সমষ্টিটোৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলাইছে ৷ এনে অস্থাত অগপ দলৰ প্ৰাৰ্থী বিধায়ক ফণীভূষণ চৌধুৰীয়ে পূৰ্বতকৈ অধিক কষ্ট কৰিবলগীয়া হ'ব ৷ অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে সমষ্টিটোৰ ভিতৰি ভিতৰি ইতিমধ্যে নিৰ্বাচনী সভা অনুষ্ঠিত কৰি ভোটাৰৰ ওচৰ চাপিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷
- Log in to post comments
- 11 views