*চৰকাৰৰ মিথ্যাচাৰ,প্ৰতাৰণা আৰু জনগোষ্ঠীটোক কৰা বঞ্চনাৰ কথাখিনি ৰাইজৰ ওচৰলৈ লৈ যাম-দিব্যজ্যোতি কুমাৰ ডেকা*
*নিৰ্বাচনত বিজেপি চৰকাৰক আমি উচিত প্ৰত্যুত্তৰ দিম-কমল সৰকাৰ*
#বঙাইগাঁৱৰ প্ৰতিবেদক:
বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনৰ পাঁচ বছৰীয়া কাৰ্যকাল আশ্বাসৰ মাজেৰে সমাপ্ত হ'ল যদিও কোচ ৰাজবংশীসকলৰ মূল সমস্যা জনজাতিকৰণৰ বিষয়টো সমাধান নহ'ল ৷ সেয়ে বিজেপি চৰকাৰখনে কোচ ৰাজবংশী জনসাধাৰণক যিদৰে ঠগিলে তাৰ বাবে জনগোষ্ঠীটোৰ ৰাইজে নিৰ্বাচনত চিন্তা - চৰ্চা কৰিব আৰু ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিব ৷ আমি বিজেপি চৰকাৰৰ এই মিথ্যাচাৰ , প্ৰতাৰণা আৰু জনগোষ্ঠীটোক কৰা বঞ্চনাৰ কথাখিনি ৰাইজৰ ওচৰলৈ লৈ যাম ৷ এই মন্তব্য সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা(আক্ৰাছু)ৰ সাধাৰণ সম্পাদক দিব্যজ্যোতি কুমাৰ ডেকাৰ ৷ ৮ মাৰ্চত বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদ মেলত আক্ৰাছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে দেওবাৰে চাপৰাকাটাস্থিত চিলাৰায় ভৱনত অনুষ্ঠিত এখন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷ তাৰ ভিতৰত বিজেপি চৰকাৰে জনজাতিকৰণৰ ক্ষেত্ৰত জনগোষ্ঠীটোক প্ৰতাৰণা কৰাৰ বিষয়টো গুৰুত্বসহকাৰে আলোচনা কৰা হয় আৰু জনজাতিকৰণৰ দাবীত পুনৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ সাধাৰণ সম্পাদক ডেকাই সংবাদ মেলত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি কয় যে জনজাতিকৰণৰ সমস্যাটো সমাধানৰ কাৰণে এখন মন্ত্ৰী গোটৰ সমিতি গঠন কৰি দিছিল ৷ কিন্তু মন্ত্ৰী গোটৰ প্ৰতিবেদন অসম চৰকাৰৰ পৰা কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা নহ'ল ৷ ফলত জনজাতিকৰণৰ সমস্যাটো আজিৰ তাৰিখতো ওলোমি থাকিল ৷ আমি গভীৰ আশ্বাসেৰে বাট চাই আছিলো যে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে কোচ ৰাজবংশী জনগোষ্ঠীটোৰ জনজাতিকৰণৰ যি জলন্ত সমস্যা, সেই সমস্যা সমাধানৰ ক্ষেত্ৰত বাস্তৱ পদক্ষেপ গ্ৰহণ কৰিব ৷ কিন্তু আমি সেয়া দেখা নাপালো ৷ যাৰ কাৰণে আমি তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছো আৰু আমি সিদ্ধান্ত লৈছো যে অনাগত দিনত কোচ ৰাজবংশী ছাত্ৰ সন্থাই পুনৰ জনজাতিকৰণ আৰু ঐতিহাসিক কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ দাবীত জোৰদাৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিম ৷
সংবাদ মেলত জনজাতিকৰণৰ মূল সমস্যাটো তথা ইছ্যুটো চৰকাৰখনে এৰাই চলাটো দৃষ্টিগোচৰ হৈছে বুলি মন্তব্য কৰি ৰাজ্য চৰকাৰৰ শানত থকা বিজেপি দলটোৱে যিধৰণে জনজাতিকৰণৰ বিষয়টো এৰাই চলি অন্য প্ৰসংগলৈ লৈ যাবলৈ চেষ্টা কৰিছে ,সেই একেধৰণে প্ৰতিটো ৰাজনৈতিক দলে আজিৰ তাৰিখত কোচ ৰাজবংশীকে ধৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো এৰাই চলিছে বুলিও ক্ষোভ প্ৰকাশ কৰে ৷ লগতে কয় যে ঐতিহাসিক কমতাপুৰ ৰাজ্য বা ঐতিহাসিক ক্ষেত্ৰ থকাৰ পিচতো কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ মূল সমস্যাটো চৰকাৰে এৰাই চলাটো আমাৰ কাৰণে খুবেই দুৰ্ভাগ্যজনক কথা ৷ আমি দেখিছোঁঁ যে আক্ৰাছুৱে যেতিয়াই ৰাইজকলৈ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰে তেতিয়াই চৰকাৰে আন্দোলনকাৰী সকলক আলোচনাৰ কাৰণে মাতি লৈ যায় আৰু আলোচনাৰ নামত ভেকোভাওনা কৰি জনগোষ্ঠীটোৰ সংগঠনসমূহক ভাগ ভাগ কৰিব বিচাৰে ৷ একেদৰে আলোচনাৰ নামত জনগোষ্ঠীটোৰ মূল বিষয়টোৰ পৰা ফালৰি কাটি চৰকাৰে বিভিন্ন কথাৰে কোচ ৰাজবংশীসকলক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছে বুলিও ক্ষোভ প্ৰকাশ কৰে ৷ আনহাতে, কমতাপুৰ আৰু জনজাতিকৰণৰ মূল সমস্যাটো অসম চৰকাৰে এৰাই চলিছে বুলি সাধাৰণ সম্পাদকজনে পুনৰ উল্লেখ কৰি কয় যে আমি কেএচি গঠনৰ পূৰ্বে জনজাতিকৰণৰ দাবী জনাইছিলো ৷ কিন্তু জনজাতিকৰণ নকৰিলে ৷ আমি ভাবিছিলো যে কেএচি যিহেতু দিছে, সেয়ে বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনে বিগত কংগ্ৰেছ চৰকাৰখনে জনগোষ্ঠীটোৰ প্ৰতি কৰি অহা প্ৰতাৰণাৰ পৰা মুক্তি পাম ৷ কিন্তু বাস্তৱত সেয়া হৈ নুঠিল ৷ কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ দিয়া মানে যে কোচ ৰাজবংশীসকলৰ সমস্যা সমাধান হৈছে সেইটো নহয় ৷ বৰং দীৰ্ঘদিন ধৰি কোচ ৰাজবংশী ছাত্ৰ সন্থাই জনগোষ্ঠীটোৰ জনসাধাৰণে দাবী জনাই অহা মূল সমস্যা জনজাতিকৰণ আৰু কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ দাবীত যি আন্দোলন কৰি আহিছিল সেই আন্দোলনৰ ফলশ্ৰুতিত চৰকাৰে কেএচি গঠনৰ জৰিয়তে কমতাপুৰৰ কথাখিনি কিছু স্বীকাৰ কৰিছে ৷
সংবাদ মেলত সাধাৰণ সম্পাদকগৰাকীয়ে আৰু কয় যে
আজি প্ৰাৰ্থিত্ব দিয়াৰ ক্ষেত্ৰতো আমি দেখিবলৈ পাইছো যে যিবিলাক সমষ্টিত কোচ ৰাজবংশীসকলৰ সংখ্যাগৰিষ্ঠতা আছে আৰু আধিপত্য আছে তাত কোচ ৰাজবংশীসকলক ৰাজনৈতিকভাৱে নিঃশেষ কৰাৰ ষড়যন্ত্ৰ কৰা হৈছ ৷ সেই সমষ্টিৰ পৰা যাতে কোচ ৰাজবংশীসকলৰ প্ৰতিনিধি নিৰ্বাচিত হৈ বিধান সভালৈ যাব নোৱাৰে তাৰ প্ৰচেষ্টা গ্ৰহণ কৰা দৃষ্টিগোচৰ হৈছে ৷ সেয়ে সময় থাকোতে প্ৰতিটো ৰাজনৈতিক দল আৰু অসম চৰকাৰৰ নেতৃত্বত থকা বিজেপি দলৰ লগতে অগপ, বিপিএফ আদি দলক আহ্বান জনাই কয় যে যদিহে প্ৰকৃতাৰ্থত কোচ ৰাজবংশীসকলৰ প্ৰতি দায়বদ্ধতা আছে আৰু কোচ ৰাজবংশী ভোটৰ প্ৰতি লালসা আছে, তেতিয়াহলে জনজাতিকৰণৰ বিষষটো সন্দৰ্ভত স্থিতি প্ৰকাশ কৰক ৷ অন্যথা আগন্তুক দিনত কোচ ৰাজবংশী জনসাধাৰণে ৰাজনৈতিক দলসমূহৰ বিৰুদ্ধে ল'ব পৰা কঠোৰ সিদ্ধান্তৰ মুখামুখি হ'বলৈ সাঁজু থাকক ৷ সেইদৰে মূল দাবী যেতিয়ালৈকে পূৰণ নহয় তেতিয়ালৈকে আক্ৰাছুৱে চৰকাৰৰ বিৰুদ্ধাচৰণ কৰি যাব বুলি কৈ কোচ ৰাজবংশী ছাত্ৰ সন্থাই আগন্তুক দিনত নতুন গতিৰে জনগোষ্ঠীটোৰ যি জনজাতিকৰণৰ দাবী সেই দাবীত আগুৱাই যাবৰ কাৰণে কাৰ্যনিৰ্বাহক সভাত সিদ্ধান্ত লোৱা হয় বুলিও কয় ৷
ইপিনে, আক্ৰাছুৰ মুখ্য সাংগঠনিক সম্পাদক কমল সৰকাৰে কয় যে প্ৰধানমন্ত্ৰী তথা বিজেপি চৰকাৰে নিৰ্বাচনি ইস্তাহাৰত প্ৰকাশ কৰিছিল যে বিজেপি চৰকাৰ হলে ছমাহৰ ভিতৰতে কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰা হ'ব ৷ কিন্তু পাঁচ বছৰ সম্পূৰ্ণ হ'ল আৰু পুনৰ নিৰ্বাচন আহিল যদিও কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ বাবে বাস্তৱ পদক্ষেপ গ্ৰহণ কৰা দেখা নগ'ল ৷ সেয়ে আমাৰ বিজেপি চৰকাৰলৈ প্ৰশ্ন কিমানবাৰ জনগোষ্ঠীটোক নিৰ্বাচনত ব্যৱহাৰ কৰিব , কিমানবাৰ জনজাতিকৰণৰ টোপ দিব ? এইবাৰ ৰাইজ সজাগ হৈছে আৰু কোচ ৰাজবংশী ৰাইজে এইবাৰ ইয়াৰ প্ৰত্যুত্তৰ দিব ৷ মুখ্য সাংগঠনিক সম্পাদকগৰাকীয়ে আৰু কয় যে ইচ্ছা কৰিলে প্ৰধানমন্ত্ৰীয়ে ২৪ ঘণ্টাৰ ভিতৰত জনজাতিকৰণ কৰিব পাৰে ৷ কিন্তু বিজেপি চৰকাৰৰ সদিচ্ছাৰ অভাৱ ৷ আমি বিজেপি চৰকাৰক ধিক্কাৰ আৰু গৰিহণা দিছো ৷ এইবাৰ নিৰ্বাচনত বিজেপি চৰকাৰক আমি উচিত প্ৰত্যুত্তৰ দিম ৷ সেইদৰে কোচ ৰাজবংশী জনগোষ্ঠীৰ মন্ত্ৰী আৰু বিধায়কসকলক সমালোচনা কৰি কয় যে জনগোষ্ঠীটোৰ যিসকল মন্ত্ৰী বিধায়ক আছিল তেওঁলোকে এই পাঁচটা বছৰে কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰিব লাগে বুলি এষাৰো মাত নামাতিলে ৷ বৰং মুখত তলা লগাইহে থাকিল ৷ এই কাৰ্যক আমি ধিক্কাৰ দিছো ৷
সংবাদমেলত কাৰ্যনিৰ্বাহক সভাত সংগঠনটোৰ অৰাজনৈতিক চৰিত্ৰ অক্ষুন্ন ৰখাৰ স্বাৰ্থত ৰাজ্য চৰকাৰে গঠন কৰি দিয়া কেএচিৰ অন্তৰ্ৱৰ্তীকালীন পৰিষদত অন্তৰ্ভূক্ত হোৱা আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি কৰ্মেশ্বৰ ৰায় আৰু অন্যতম সাধাৰণ সম্পাদক জীৱেশ ৰায়ৰ স্থানত সংগঠনটোৰ উপ সভাপতি পূৰেণ ৰায়ক ভাৰপ্ৰাপ্ত সভাপতি আৰু সহকাৰী সম্পাদক সুনোধৰ ৰায়ক অন্যতম ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত কৰা হয় বুলিও সাধাৰণ সম্পাদকগৰাকীয়ে উল্লেখ কৰে ৷ সংবাদ মেলত ভাৰপ্ৰাপ্ত সভাপতি আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকদ্বয়ৰ লগতে বঙাইগাঁও জিলা আক্ৰাছুৰ সভাপতি দিব্যজ্যোতি পাঠক , সাধাৰণ সম্পাদক বিকাশ ৰায় আদি উপস্থিত থাকে ৷
- Log in to post comments
- 11 views