কঙ্গোৰ 'সোনৰ পাহাৰ' স্থানীয়লোকৰ হাতত ৰখা নাযাব । কাৰণ ইয়াৰ পৰা সৃষ্টি হ’ব পাৰে ক’লাবজাৰ। সেয়ে স্থানীয়লোকৰ খননকার্য বন্ধ কৰিলে প্রশাসনে। বাজেয়াপ্ত কৰা হ’ল সম্পূৰ্ণ পাহাৰ। খননকার্য বন্ধ কৰিবলৈ জাৰি কৰা হৈছে কাঢ়া নির্দেশনা। যি নামানিলে কঠোৰ শাস্তি দিয়া হ’ব।
দিন দিয়েক আগৰপৰা ছছিয়েল মেডিয়াত ভাইৰেল হৈছে ডেম’ক্রেটিক ৰিপাব্লিক অফ্ কঙ্গোৰ এটা ভিডিঅ’। সেই স্থানত দেখা গৈছে স্থানীয় বাসিন্দাসকলে হাতত বেল্চা কোৰ লৈ আগবাঢ়িছে পাহাৰৰ দিশে। তাত গৈ ৰুদ্ধশ্বাসে পাথৰ মাটি খান্দি সন্ধান কৰিছে সোনৰ।
ভিডিঅ’টোত দেখা গৈছে, সোনৰ বিচাৰি খান্দি অনা মাটি পানীৰে ধুই পৰিষ্কাৰ কৰি বিশ্বব্যাপী দামী, প্রিয় ধাতুৰ সন্ধান কৰিছে তেওঁলোকে। ছ’ছিয়েল মেডিয়াত এই ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতেই সোনৰ পাহাৰ দেখি হতবাক সমগ্ৰ বিশ্ব। বহু লোকেই সোন পাইছে বুলি খবৰো পোৱা গৈছে।
জানিবলৈ পোৱা গৈছে, আফ্রিকা মহাদেশৰ কঙ্গোৰ দক্ষিণ কিভু প্রদেশৰ লুহিহি গাঁৱত আছে এই পাহাৰ। এই পাহাৰৰ ৬০ ৰপৰা ৯০ শতাংশ সোনেৰে ভৰপূৰ।
সোনৰ খবৰ বিয়পি পৰিলত পাহাৰ উপচি পৰিল মানুহৰ ভিৰেৰে। ইয়াৰ পিছতে ভিৰ কৰা মানুহখিনিয়ে পাহাৰৰ খননকার্য আৰম্ভ কৰে। এই খবৰ প্রশাসনৰ ওচৰ পোৱাৰ মাত্রকে নিৰ্দেশ জাৰি কৰা হয়। প্রশাসনৰ দাবী ক’লাবজাৰ ৰোধ কৰিবলৈ পাহাৰ বাজেয়াপ্ত কৰা হৈছে।
উল্লেখ যোগ্য যে, বিশেষজ্ঞৰ এটা দলে ২০১৯ চনত জনাইছিল উত্তৰ কিভু, দক্ষিণ কিভু আৰু ইতুৰি প্রদেশত খননকার্য চলালে সোন উদ্ধাৰ হ’ব পাৰে।
- Log in to post comments
- 21 views