'সাহিত্যৰথী সাহিত্য সভা,বতাহঘূলি'ৰ পঞ্চমখন সাহিত্য-বৈঠক দীনেশ চন্দ্ৰ দাসৰ আমন্ত্ৰণ ক্ৰমে গুৱাহাটীৰ পাঞ্জাবাৰী,বিষ্ণুনগৰস্থিত দাসৰ বাসগৃহত যোৱা ৭ মাৰ্চত অনুষ্ঠিত হয়।শাখাৰ স্থায়ী সভাপতি অতুল তামুলীৰ সঞ্চালনাত বৈঠকখন অনুষ্ঠিত কৰা হয়।'চিৰ চেনেহী মোৰ ভাষা জননী' গীতেৰে আৰম্ভ কৰা সাহিত্য-বৈঠকত সভাপতি আৰু পৰ্যালোচক ৰূপে মনোনীত অতুল চন্দ্ৰ দত্তই আসন গ্ৰহণৰ পিছতেই আহ্বায়ক দীনেশ চন্দ্ৰ দাসে আদৰণি ভাষণ আগবঢ়ায়।ইয়াৰ পিচতেই সম্পাদক যোগেন্দ্ৰ কুমাৰ কলিতাই সভাত বিগত বৈঠকৰ কাৰ্য্যবিৱৰণী পাঠ কৰে আৰু মহেশ্বৰ বৰাই পূৰ্বৰ বৈঠকত পঠিত লেখাসমূহ সন্দৰ্ভত এটা মনোজ্ঞ লিখিত পৰ্যালোচনা আগবঢ়ায়।সভাপতিয়ে বিগত অধিৱেশনত উন্মোচন কৰা গ্ৰন্থ পাঁচখন সম্পৰ্কে পৰৱৰ্তী বৈঠকসমূহত পৰ্যালোচনা আগবঢ়াই শাখাৰ লেখকসকলক উৎসাহিত কৰিবলৈ সকলোৰে ওচৰত আবেদন জনায়।
বৈঠকত প্ৰৱন্ধ পাঠ কৰে ডাঃ কৃষ্ণ কুমাৰ বণিয়া আৰু বসুন্ধৰাই।কবিতা পাঠ কৰে মৃদু গোস্বামী,মফিজ্জুদিন আহমদ,হৰিহৰ ডেকা,মনোমোহন শইকীয়া আৰু অতুল চন্দ্ৰ দত্তই।যোগেন্দ্ৰ কুমাৰ কলিতাই ডঃ ভূপেন হাজৰিকাৰ গীতৰ কথাৰে এটা ব্যতিক্ৰমী লেখা পাঠ কৰে।সভাপতি অতুল তামুলীয়ে এটা গল্প পাঠ কৰে। লেখা পাঠৰ মাজত শিশু শিল্পী গন্ধৰ্বৰাজ তালুকদাৰ আৰু চাবিনা আচমিনে দুটা সুন্দৰ গীত পৰিৱেশন কৰে।পৱিত্র তালুকদাৰ,শেৱালি শৰ্মা কলিতা আৰু মহেশ্বৰ বৰায়ো গীত পৰিৱেশন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে।হৰেশ্বৰ ডেকা,আটাউৰ ৰহমান,ড: পাৰুল গোস্বামীয়ে চমুকৈ ভাষণ দিয়ে।গৃহস্থ ধনদা দাস আৰু দীনেশ চন্দ্ৰ দাসে মনৰ অনুভৱ প্ৰকাশ কৰে। অতুল চন্দ্ৰ দাসে এপ্ৰিল মাহৰ ৬ষ্ঠ সাহিত্য বৈঠক তেওঁৰ বাসগৃহত অনুষ্ঠিত কৰিবলৈ আহ্বান কৰি সকলোৰে উপস্থিতি কামনা কৰে।
সভাপতিৰ মন্তব্যৰ পিছত মফিজ্জুদিন আহমদে শলাগৰ শৰাই আগবঢ়ায়।জাতীয় সংগীত "অ' মোৰ আপোনাৰ দেশ" পৰিৱেশন কৰি সভাৰ সামৰণি মৰা হয়।
- Log in to post comments
- 42 views