প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ বাংলাদেশ ভ্ৰমণ সন্মুখত। এই মাহৰ শেষৰ ফালে মোদী বাংলাদেশ ভ্ৰমণলৈ যাব।
মোদীৰ ঢাকা-ভ্ৰমণ সমাগত। ক’ভিড-পর্বৰ প্রায় ১ বছৰ পিছত এইটোৱেই হ’ব প্রধানমন্ত্রীৰ প্রথম বিদেশ ভ্ৰমণ। বাংলাদেশৰ স্বাধীনতা দিৱসৰ স্বৰ্ণ জয়ন্তী উপলক্ষে মোদীৰ এই ভ্ৰমণ।
ভাৰতৰ বিদেশমন্ত্রী এছ জয়শঙ্কৰ এই সূত্রেই ঢাকা ভ্ৰমণ সমাপ্ত কৰি আহিল। তাৰপিছতেই মোদীৰ ভ্ৰমণ কাৰ্যসূচী চূড়ান্ত হ’ল। বাংলাদেশৰ বিদেশমন্ত্রী এ কে আব্দুল মোমেনৰ সৈতে বৈঠকৰ পিছত সংবাদমেল আহ্বান কৰি দ্বিপাক্ষিক সম্পর্ক অধিক মজবুত কৰাৰ কথা ক’লে এছ জয়শঙ্কৰে। সেই বৈঠকত দুইদেশৰ বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা হয়। বাংলাদেশৰ ফালৰপৰা কিছু অভিযোগো উত্থাপন হয়। সেই সকলোবোৰৰ উত্তৰ দিবলৈ গৈ জয়শঙ্কৰে কয় যে, দুই পক্ষৰে অভীষ্ট হোৱা উচিত অপৰাধবিহীন সীমান্ত। এনেকুৱা এটা পৰিৱেশ, য’ত কোনো হত্যাকাণ্ড নঘটিব। তেওঁৰ বিশ্বাস, দুই পক্ষই বহি এই সমস্যাৰ সমাধান কৰিব পাৰিব।
উল্লেখ যোগ্য যে, মোদীয়ে শেষ বিদেশ ভ্ৰমণ কৰিছিল ২০১৯ চনৰ নৱেম্বৰত ব্ৰাজিললৈ। ক’ভিড-পর্বৰ ফলত ইয়াৰ পিছত কোনো ভ্ৰমণত যোৱা হোৱা নাই মোদীৰ ৷
- Log in to post comments
- 11 views