নেপাল আৰক্ষীৰ গুলিত নিহত ভাৰতীয় যুৱক, ঘটনাত উত্তপ্ত সীমান্ত

Nepal

বৃহস্পতিবাৰে ৰাতি নেপাল আৰক্ষীৰ গুলিত মৃত্যু হয় ভাৰতীয় যুৱকৰ। ঘটনাৰ পিছত হঠাৎ উত্তপ্ত হৈ উঠিছে উত্তৰপ্রদেশ নেপাল সীমান্ত। মোতায়েন কৰা হৈছে বৃহৎ আৰক্ষী বাহিনী। ঘটনাস্থলিত উপস্থিত হৈছে সশস্ত্র জোৱানো। জানিবলৈ পোৱা গৈছে, নিহত যুৱক জনৰ নাম গোবিন্দ সিংহ , বয়স ২৬ বছৰ। ইয়াৰোপৰি নিখোজ হৈ আছে ১জন ৷

জানিবলৈ পোৱা গৈছে, ৰাঘৱপুৰী টিলা নম্বৰ ৪ গাঁৱৰপৰা  নেপালৰ বেলোৰি বজাৰলৈ গৈছিলে তিনিজন বন্ধু- গোবিন্দ সিংহ, গুৰমিত সিংহ আৰু পাপ্পু সিংহ। তাতেই গুলিবিদ্ধ হৈ গুৰুতৰ ভাৱে আহত হৈছিল গোবিন্দ। 

এজন যুৱক ভাৰতলৈ পলাই ঘুৰি আহিবলৈ সক্ষম হয়। এজন যুৱক এতিয়াও নিখোজ হৈ আছে। ঘটনাৰ পিছত উত্তপ্ত হৈ উঠিছে উক্ত গাঁওখন। গাওঁবাসীক শান্ত কৰিবলৈ  মোতায়েন কৰা হৈছে আৰক্ষী বাহিনী। পলাই অহা যুৱক জনক সোধপোছ আৰম্ভ কৰিছে আৰক্ষীয়ে। হঠাৎ নেপাল আৰক্ষীয়ে তেওঁলোকৰ ওপৰত গুলি চালনা কৰিলে সেই কথা জানিবলৈ চেষ্টা কৰিছে যোগীৰাজ্যৰ আৰক্ষীয়ে।  

Your Comments