গণতন্ত্ৰৰ দাবীত উত্তাল ম্যানমাৰত মৃত্যু ১০ আন্দোলনকাৰীৰ

Myanmar

বহুদিন ধৰি উত্তাল হৈ আছে ম্যানমাৰ। ম্যানমাৰৰ বিভিন্ন স্থানত চলিছে বিক্ষোভ-আন্দোলন। সেনাৰ হাতত ক্ষমতা থকাতো নিবিচাৰে সেই দেশৰ সাধাৰণ জনতাই। তেওঁলোকে বিচাৰে দেশত সোনকালে গণতন্ত্র ঘুৰি আহক।

বৃহস্পতিবাৰে সেনা-আৰক্ষীৰ যৌথ অভিযানত পুনৰ ৰক্তাক্ত হ’ল ম্যানমাৰৰ বিভিন্ন চহৰ। আজি সেনাৰ বাধা উপেক্ষা কৰি পুনৰ আন্দোলনত অংশ লৈছিল অসংখ্য জনসাধাৰণে। সেই আন্দোলন বন্ধ কৰিবলৈ বহুকেইটা স্থানত আকৌ গুলি বৰ্ষণ কৰে আৰক্ষীয়ে। কোনো কোনো স্থানত ৰবৰ বুলেট আৰু কন্দুৱা গেছো এৰা হয়। আৰক্ষীৰ এই অভিযানত মৃত্যু হৈছে কমপক্ষেও ১০ জন বিক্ষোভকাৰীৰ। আহত বহুজন।

সেনা অভ্যুত্থানৰ বিৰুদ্ধে প্রথমৰপৰাই গৰজি উঠিছিল ম্যানমাৰৰ সাধাৰণ জনতা। সেই দেশৰ চৰকাৰী কৰ্মচাৰীৰ এক বৃহৎ অংশই অসহযোগ আন্দোলন চলাই আছে। আং চাং চ্যু কি-সহ গৃহবন্দি সকলো নেতা-নেত্রীৰ মুক্তিৰ দাবী জনাইছে গণতন্ত্রকামী বিক্ষোভকাৰীসকলে। তাৰ লগতে গণতান্ত্রিক চৰকাৰখন ঘুৰাই দিয়াৰ দাবীও তোলা হৈছে এই আন্দোলনত।

অহা শুক্রবাৰে ম্যানমাৰৰ সমস্যা সন্দৰ্ভত আলোচনা কৰিবলৈ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বিশেষ বৈঠক আহ্বান কৰিছে ব্রিটেইনে। অবিলম্বে সেনাক যাৱতীয় অস্ত্র বিক্ৰীৰ ক্ষেত্রত নিষেধাজ্ঞা জাৰিৰ দাবীও উত্থাপন হৈছে।

Your Comments