লোহাৰঘাটত দুৰ্ঘটনাত নিহত ৰাভা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক:অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ

Pic

#নুৰুল ইছলাম,চানডুবি,৩ মাৰ্চ:

পলাশবাৰী থানাৰ অন্তৰ্গত লোহাৰঘাটত যোৱা নিশা তীব্ৰবেগী বাইকৰ খুন্দাত স্থানীয় ৰাভা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক ৰাহুল ৰাভা(২৮) থিতাতে নিহত হোৱাৰ ঘটনাত বৃহত্তৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে ৷ জানিব পৰামতে যোৱা নিশা প্ৰায় ৭.৩০ বজাত লোহাৰঘাটৰ সমীপৰ দিমালীৰ লোহিত ৰাভাৰ পুত্ৰ ৰাহুল ৰাভাই কোনো ঠাইৰ পৰা বিদ্যুতৰ কাম কৰি গৃহ অভিমূখে ৰাওনা হৈছিল ৷ তেনে সময়তে খোজকাঢ়ি গৈ থাকোতে লোহাৰঘাটৰ এঘাৰমাইল এলেকাত মিৰ্জা-চানডুবি মূল পথত তীব্ৰবেগী এখন বাইকে খুন্দিয়াই থৈ যায় ৷ ফলত থিতাতে নিহত হয় যুৱকজন।

Pic

ইফালে,এনেদৰে অকাল মৃত্যুক সাৱটি লোৱা যুৱকজন বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদকৰ দায়িত্বত আছিল ৷ অতি নিষ্ঠাৱান জাতীয় কৰ্মীগৰাকীৰ অকাল মৃত্যুত বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা,আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতি,আঞ্চলিক ৰাভা মহিলা পৰিষদ,আঞ্চলিক ৰাভা সাহিত্য সভা তথা কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে ৷ আনহাতে, নিষ্ঠাৱান সংগ্ৰামী সতীৰ্থগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ উপৰি তেওঁৰ প্ৰতি সন্মান জনাই আজি দিনৰ ১১ বজাৰ পৰা কাৰ্যকৰী হোৱাকৈ তিনিদিনলৈ সংগঠনকেইটাৰ পতাকাসমূহ অৰ্ধনিমিত কৰি ৰখাৰ উপৰি লোহাৰঘাটস্থিত কাৰ্যালয়ত সমূহীয়াকৈ তেওঁৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধা নিবেদন কৰে৷

Your Comments