লুৰীণজ‌্যোতি গগৈক আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদ:নগাঁৱত জাতীয় পৰিষদৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ

Pic

#নগাঁৱৰ পৰা ৱাহিদুদ জামান:

অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু উপ-সভাপতি পুলকেশ বৰুৱাৰ গাড়ীৰ কনভয়ত নলবাৰী জিলাৰ বৰভাগৰ সমীপৰ কালাগত একাংশ বিজেপি নেতা-কৰ্মীয়ে যোৱা ২৮ ফেব্ৰুৱাৰীত আক্ৰমণ কৰাৰ ঘটনাৰ প্ৰতিবাদত ২ মার্চত অসম জাতীয় পৰিষদৰ নগাঁও জিলা সমিতিয়ে নগাঁৱত এটা প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে।নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত পৰিষদৰ নগাঁও জিলা সমিতিৰ বিষয়ববীয়া,কৰ্মীসকলে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি নলবাৰীৰ ঘটনাৰ লগত জড়িতসকলক কঠোৰ শাস্তি বিহাৰ দাবী উত্থাপন কৰে।পৰিষদৰ বিষ‌য়ববীয়া আৰু কৰ্মীসকলে লুৰীণজ্যোতি গগৈক আক্ৰমণ কৰা বিজেপি নেতা-কৰ্মীক কঠোৰ শাস্তি দিয়ক,বিজেপি মুৰ্দাবাদ,প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী হায় হায়,বিজেপিৰ দাদাগিৰি নচলিব, অসম জাতীয় পৰিষদ জিন্দাবাদ আদি বিভিন্ন ধ্বনি দি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে। লুৰীণজ‌্যোতি গগৈসহ অসম জাতীয় পৰিষদৰ নেতাসকলৰ ওপৰত কৰা আক্ৰমণৰ ঘটনাৰ তদন্ত কৰি দোষীক কঠোৰ শাস্তি বিহাৰ লগতে অসম জাতীয় পৰিষদৰ নেতা-কৰ্মীৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ দাবী জনায়।বিক্ষোভ কাৰ্যসূচীৰ অন্তত পৰিষদৰ নগাঁও জিলা সমিতিয়ে অসমৰ মুখ্য নিৰ্বাচন বিষয়ালৈ নগাঁও জিলা উপায়ুক্তৰ জড়িয়তে এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে।স্মাৰকপত্ৰত জাতীয় পৰিষদৰ জিলা সমিতিয়ে উল্লেখ কৰে যে অসম জাতীয় পৰিষদৰ সভাপতি লুুৰীণজ্যোতি গগৈ আৰু উপ-সভাপতি পুলকেশ বৰুৱাসহ দলৰ কেইবাজনো নেতাক বিজেপি কৰ্মীসকলে হাতে হাতে বিজেপি দলৰ পতাকা লৈ আক্ৰমণ চলায়।বিজেপি কৰ্মীসকলে আক্ৰমণৰ সময়ত বিজেপি জিন্দাবাদ,বিজেপি বিধায়ক নাৰায়ণ ডেকা জিন্দাবাদ আদি ধ্বনি দিছিল। অসম জাতীয় পৰিষদৰ নেতাক আক্ৰমণ কৰাৰ ঘটনাৰ লগত বিজেপি বিধায়ক নাৰায়ণ ডেকা আৰু বিজেপি কৰ্মী জড়িত থকাতো স্পষ্ট হৈ পৰিছে। সেয়ে বিধায়ক নাৰায়ণ ডেকা আৰু সংশ্লিষ্ট বিজেপি কৰ্মীক তৎকালীনভাৱে শাস্তি বিহিবলৈ অসম জাতীয় পৰিষদৰ নগাঁও জিলা সমিতিয়ে অসমৰ মুখ্য নিৰ্বাচন বিষয়াক দাবী জনাইছে।প্ৰতিবাদী কাৰ্যসূচীত পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি পুলিন হাজৰিকা, সাধাৰণ সম্পাদকদ্বয় তৰুণ কাকতি, পংকজ ডেকা, ৰাজ্যিক  কাৰ্যনিৰ্বাহক সদস্য তথা নগাঁও জিলা সমন্বয়ক উদ্দীপ্ত নাৰায়ণ ৰাজা, কেন্দ্ৰীয় মহিলা শক্তিৰ সাংগঠনিক সম্পাদিকা দীপিকা শইকীয়া,জাতীয় পৰিষদৰ অন্যতম নেতা অনুপ লস্কৰ, মুকুল বৰুৱা, জাতীয় মহিলা শক্তিৰ অৱন্তি দেৱী, জোনমনি বৰদলৈ, মানু শইকীয়া আৰু জাতীয় যুব শক্তিৰ নেতা- কৰ্মীয়ে অংশগ্ৰহণ কৰে।

 

Your Comments