নলবাৰীত অশোক শৰ্মা নে জয়ন্ত মল্ল বৰুৱা বিজেপিৰ প্ৰাৰ্থী?

Pic

*প্ৰাৰ্থিত্বপ্ৰত্যাশীৰ মাজত ভিতৰি চলিছে টিকট লাভৰ যুঁজ*

*এসময়ৰ আঞ্চলিকতাবাদৰ দূৰ্গ হিচাপে বিবেচিত নলবাৰী সদৰ সমষ্টি বিজেপিক এৰি দিবলৈ আগ্ৰহী নহয় অগপ*

#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,৩ মাৰ্চঃ 

নিৰ্বাচন আয়োগে অসমত বিধানসভা নিৰ্বাচনৰ দিন-বাৰ ঘোষণা কৰাৰ পিছত ৰাজনৈতিক দলসমূহৰ প্ৰাৰ্থিত্ব প্ৰত‍্যাশীসকলৰ হৃদস্পন্দন বাঢ়িছে। ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দলসমূহৰ মাজত আৰম্ভ হৈছে নিৰ্বাচনকেন্দ্ৰিক তৎপৰতা। ৰাজ্যৰ   অন্যান্য সমষ্টিসমূহৰ লগতে ৫৯ নং নলবাৰী বিধানসভা সমষ্টিতো চলিছে প্ৰাক-নিৰ্বাচনী কুচকাৱাজ। এসময়ত  আঞ্চলিকতাবাদী ৰাজনীতিৰ শক্তিশালী দূৰ্গ হিচাপে চৰ্চিত  নলবাৰী জিলাৰ নলবাৰী সদৰ সমষ্টিত '২১ৰ বিধানসভা নিৰ্বাচনত টিকট লাভৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰাৰ্থিত্বপ্ৰত্যাশীৰ মাজত ইতিমধ্যে ভিতৰি ভিতৰি চলিছে যুঁজ। নলবাৰী বিধানসভা সমষ্টিটোত আগন্তুক বিধানসভা নিৰ্বাচনক লৈ শাসকীয় বিজেপি,মিত্ৰ দল অগপৰ লগতে বিৰোধী দল কংগ্ৰেছে ভিতৰি- ভিতৰি তৎপৰতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে। ২০১৬ৰ বিধানসভা নিৰ্বাচনত বিজেপি-অগপৰ মিত্ৰজোঁটৰ দখললৈ যোৱা সমষ্টিটোত নতুন আঞ্চলিক দল অসম 
জাতীয় পৰিষদেও শক্তিশালী ৰূপত অৱস্থান গ্ৰহণ কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰখা পৰিলক্ষিত হৈছে।

নিৰ্বাচনৰ সময় চমু চাপি অহাৰ লগে লগে বিভিন্ন প্ৰক্ৰিয়াৰে নিজ নিজ দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাত উঠি-পৰি লাগিছে ৰাজনৈতিক দলসমূহ। উল্লেখ্য , বিজেপিৰ লগত মিত্ৰতাৰ সূত্ৰে বিগত বিধানসভা নিৰ্বাচনত নলবাৰী সমষ্টিসহ জিলাখনৰ তিনিওটা বিধানসভা সমষ্টি বিজেপিক এৰি দিব লগা হৈছিল অগপই। তিনিওটা সমষ্টিতেই বিজেপিয়ে বিজয় সাব্যস্ত কৰিবলৈ সক্ষমো হৈছিল।বিজেপিয়ে প্ৰতিদ্বন্দিতা কৰা তিনিওটা সমষ্টিতেই  সান্ত্বনা লভিছিল যদিও সাংগঠনিকভাৱে বৃহৎ ক্ষতিৰ সন্মুখীন হৈছিল আঞ্চলিক দল অগপ। তদুপৰি নিৰ্বাচনৰ পিছত আঞ্চলিক দলটোৰ তৃণমূল পৰ্যায়ৰ নেতা-কৰ্মীসকলো বিজেপিৰ বিধায়ক তথা তৃণমূল পৰ্যায়ৰ নেতা-কৰ্মীসকলৰ পৰাও বহু ক্ষেত্ৰত দূৰত্বত অৱস্থান কৰিবলগাত পৰে। এনে পৰিস্থিতিৰ মাজতো কিন্তু জিলাখনৰ নলবাৰী সদৰ সমষ্টিত আঞ্চলিকতাবাদৰ শক্তি আজিও হেৰাই যোৱা নাই।

সুদীৰ্ঘকাল অকংগ্ৰেছীৰ দখলত থকা নলবাৰী সদৰ সমষ্টিটো বিগত ৩৩ বছৰৰ অন্তত ২০০১ চনৰ নিৰ্বাচনত কংগ্ৰেছৰ মদন কলিতাই উদ্ধাৰ কৰি পুনৰুজ্জীৱিত কৰে যদিও
২০০৬ ৰ বিধানসভা নিৰ্বাচনত অগপ প্ৰাৰ্থী অলকা শৰ্মাই কংগ্ৰেছ প্ৰাৰ্থী মদন কলিতাক পৰাস্ত কৰি নিৰ্বাচিত হয়। এই নিৰ্বাচনত অগপ প্ৰাৰ্থী গৰাকীয়ে লাভ কৰা ৫৫১০৪ টা ভোটৰ বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীয়ে লাভ কৰিছিল ৪০৪৮৯ টা ভোট। লক্ষণীয়ভাবে উক্ত নিৰ্বাচনত বিজেপি প্ৰাৰ্থী অশোক শৰ্মাই লাভ কৰিছিল মাত্ৰ ১৮৬২৪ টা ভোট। আকৌ ২০১১ৰ নিৰ্বাচনত কংগ্ৰেছৰ জয়ন্ত মল্ল বৰুৱাই নিৰ্বাচিত হৈ সমষ্টিটোত দলটোৰ স্থিতি শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰে। উক্ত নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী গৰাকীয়ে লাভ কৰা ৩৯৮৯৬ টা ভোটৰ বিপৰীতে অগপৰ অলকা শৰ্মাই লাভ কৰিছিল ৩১৬৭৩ টা ভোট। আনহাতে, উক্ত নিৰ্বাচনতো বিজেপি প্ৰাৰ্থীগৰাকীয়ে (দিলীপ শইকীয়া) লাভ কৰিছিল মাত্ৰ ১২৫০৭ টা ভোট। ইয়াৰ পিছত অৱশ্যে ২০১৬ ৰ বিধানসভা নিৰ্বাচনত নলবাৰীত ব্যাপক ৰাজনৈতিক পৰিৱৰ্তন ঘটে। দেশজুৰি চলি থকা মোডী ঢৌৰ বাবেই এই নিৰ্বাচনত বিজেপি-অগপ মিত্ৰ দলৰ প্ৰাৰ্থী অশোক শৰ্মাই বিপুলসংখ্যক ৯৯১৩১টা ভোট লাভ কৰি নলবাৰী সদৰ সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হৈছে। আনহাতে, উক্ত নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ কুমাৰ ভূঞাই লাভ কৰিছিল ৪৬০৮৭ টা ভোট।

Pic

ইপিনে, নলবাৰী সমষ্টিটোত পূৰ্বে তিনিবাৰকৈ নগেন শৰ্মাই আৰু দুবাৰকৈ(ইয়াৰে এবাৰ উপ-নিৰ্বাচন) শৰ্মাৰ পত্নী অলকা শৰ্মাই নিৰ্বাচিত হৈ আঞ্চলিক দলটোক শক্তিশালী স্থিতিত এৰি থৈ যায়। সেয়ে আগন্তুক বিধানসভা নিৰ্বাচনত আঞ্চলিক দলটোৱে প্ৰাৰ্থী দিব বুলি গভীৰ আশাবাদী দলটোৰ তৃণমূল পৰ্যায়ৰ নেতা-কৰ্মীসকল। ইতিমধ্যে দলৰ শীৰ্ষ পৰ্যায়ৰ পৰা সেউজ সংকেত লাভ কৰি অসম যুৱ পৰিষদৰ উপ-সভাপতি তথা নলবাৰী সমষ্টি সমিতিৰ মুখ্য উপদেষ্টা তথা বিশিষ্ট অভিনেতা, সমাজকৰ্মী দিলীপ কুমাৰ দাসে বিগত কেইবামাহ ধৰি সমষ্টিটোৰ চুকে-কোণে ঘূৰি দলটোৰ হেৰোৱা স্থিতি উদ্ধাৰ কৰিবলৈ উঠি-পৰি লগা পৰিলক্ষিত হৈছে। উল্লেখ্য, দাসৰ পিতৃ প্ৰয়াত যমুনা দাস অগপ দলটোৰ জন্মলগ্নৰে পৰা জড়িত হৈ দলটোত যথেষ্ট সেৱা আগবঢ়াইছে দাসৰ পৰিয়ালে। সেই সূত্ৰে দলৰ তৃণমূল পৰ্যায়ৰ পৰা শীৰ্ষ পৰ্যায়লৈকে সু-সম্পৰ্ক বৰ্তাই অহা দিলীপ কুমাৰ দাস সমষ্টিটোৰ প্ৰায় প্ৰতিগৰাকী লোকৰ চিনাকী মুখ।সমষ্টিটোত এক বিশেষ দখল থকা দাসে আগন্তুক নিৰ্বাচনৰ প্ৰাৰ্থী হ'লে সমষ্টি উদ্ধাৰ কৰিব পাৰিব বুলি দাবী কৰিছে। আগন্তুক নিৰ্বাচনৰ বাবে এই পৰ্যন্ত আনুষ্ঠানিক মিত্ৰতাকে ধৰি অন্যান্য আলোচনা আৰম্ভ হোৱা নাই যদিও সমষ্টিটোৰ অগপ প্ৰাৰ্থী হিচাপে এই মুহূৰ্তলৈকে দিলীপ কুমাৰ দাসৰ নামহে চৰ্চিত হৈ আছে। অৱশ্যে প্ৰাক্তন কংগ্ৰেছী বিধায়ক তথা বৰ্তমানৰ অগপ নেতা মদন কলিতা, অগপ নেতা দিলীপ পাটগিৰিও নলবাৰী সমষ্টিত টিকটৰ দাবীদাৰ হ'ব পাৰে বুলি চৰ্চা চলিছে। এনে পৰিস্থিতিত কোনো কাৰণতে
নলবাৰী সদৰ সমষ্টি এইবাৰ বিজেপিক এৰি দিবলৈ আগ্ৰহী নহয় জিলা অগপ।

Pic

ইফালে,শেহতীয়াভাৱে অগপ দলটো নলবাৰীত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হৈছে নতুন আঞ্চলিক দল অসম জাতীয় পৰিষদৰ।সমষ্টিটোৰ বহুকেইগৰাকী অগপ নেতাই নতুন দলটোত যোগদান কৰাৰ লগতে আন বহুসংখ্যক তৃণমূল কৰ্মীয়ে নতুন দলটোত যোগদান কৰি দলটোৰ শক্তি বৃদ্ধি কৰে।জ্যেষ্ঠ অগপ নেতা তথা প্ৰাক্তন আছু নেতা নগেন ডেকা, প্ৰাক্তন আছু নেতা অমল ডেকাকে ধৰি কেইবাগৰাকী প্ৰাক্তন আছু নেতাই নতুন দলটোৰ দায়িত্ব লৈ দলটোৰ সাংগঠনিক স্থিতি মজবুত কৰাৰ অভিযানত নামি পৰিছে। নতুন আঞ্চলিক দলটোত চামিল হৈছে অগপ, বিজেপিৰ লগতে কংগ্ৰেছ দলৰো নেতা-কৰ্মী। উল্লেখ্য,'কা' বিৰোধী আন্দোলনৰ সময়তো অগপ নেতা নগেন ডেকাই দলীয় নেতৃত্বৰ বিৰুদ্ধে তীব্ৰ বিষোদকাৰ কৰি সবল স্থিতি গ্ৰহণ কৰিছিল। অসম জাতীয় পৰিষদৰ নলবাৰী সমষ্টিৰ মুখ্য আহ্বায়কৰ দায়িত্বত থকা নগেন ডেকাৰ নাম এই মুহূৰ্তলৈকে নলবাৰী সমষ্টিৰ প্ৰাৰ্থী হিচাপে অধিক চৰ্চিত হৈছে।

অগপৰ সমান্তৰালকৈ বিজেপিৰ বিধায়ক অশোক শৰ্মাৰ দখলত থকা সমষ্টিটো পুনৰবাৰ বিজেপিয়ে দখল কৰাৰ বাবে কছৰৎ অব্যাহত কৰিছে। লক্ষণীয়ভাবে সমষ্টিটোত বিজেপিৰ সাংগঠনিক স্থিতি আজিও মজবুত। বিধায়কগৰাকীৰ বিৰুদ্ধে এই পৰ্যন্ত নাই কোনো তেনে দুৰ্নীতিৰ অভিযোগ কিম্বা সৰ্বাধিক প্ৰতিষ্ঠান বিৰোধী ঢৌ। সেয়ে শাসকীয় দলটোৰ প্ৰাৰ্থী হিচাপে বিধায়ক অশোক শৰ্মা, প্ৰাক্তন বিধায়ক তথা অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা আছে দলীয় টিকটৰ দৌৰত। ইতিমধ্যে নলবাৰী বিজেপিত এই দুই নেতাক লৈ দুটা শিবিৰ চলি থকা বুলি ৰাজনৈতিক মহলত চৰ্চিত হৈছে। বৰ্তমানৰ বিধায়ক অশোক শৰ্মাৰ পক্ষত আৰএছএছৰ লগতে মুখ্যমন্ত্ৰী সৰ্ব্বানন্দ সোণোৱাল থকাৰ বিপৰীতে জয়ন্ত মল্ল বৰুৱাৰ পক্ষত প্ৰভাৱশালী মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা থকা বুলি সৰ্বসাধাৰণ জনতাৰ মুখ মুখে চৰ্চা হৈ থকাতে কাৰ ভাগ‍্যত পদুম ফুলে,পাহি মেলে তাক এতিয়াই ক'ব পৰা নাযায়। বিজেপিৰ এই দুই নেতাৰ নাম সৰ্বাধিক চৰ্চা হৈ থকাৰ সময়তে নলবাৰীৰ জীয়ৰী তথা বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাৰ নামো মাজে সময়ে ওলাই যদিও নলবাৰীৰ ভোটাৰ ৰাইজে তেওঁক প্ৰাৰ্থী হিচাপে সহজভাবে গ্ৰহণ কৰাৰ আশা ক্ষীণ।

Pic

কংগ্ৰেছৰ ফালৰ পৰা অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা বিগত বিধানসভা নিৰ্বাচনত পৰাজিত প্ৰাৰ্থী প্ৰদ্যুৎ কুমাৰ ভূঞাৰ নামটোহে দলীয়  টিকটৰ বাবে অধিক চৰ্চালৈ আহিছে।ইতিমধ্যে ভূঞাঁইও সমষ্টিটোৰ চুকে-কোণে সভা-সমিতিৰ লগতে সাংগঠনিক ভেটি শক্তিশালী কৰাৰ বাবে উঠি-পৰি লাগিছে।

Your Comments